” কৃষ্ণ কথা শুনয়ো সমাজে । জন্ম লভি ভাৰতৰ মাজে ।। আকৌ বৃথা কৰা কোন কামে । সাধিয়ো মুকুতি হৰি নামে ।। ” বিটিআৰৰ ওদালগুৰি জিলাৰ সত্ৰ সংস্কৃতিৰ পীঠস্থান ২নং বটাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ৰাজ্যখনৰ চৰকাৰে ঘোষণা কৰা ক’ভিড প্ৰট’কলৰ নীতি নিৰ্দেশনা মানি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালনাম উদযাপন ব্যাপক আয়োজন কৰা হৈছে । বিগত বছৰৰ দৰে এইবেলিও সত্ৰ পৰিচালনা সমিতিয়ে বিশ্বৰ সমস্ত জীৱৰ কল্যাণৰহকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰৱৰ্তি পৰম ঈশ্বৰৰ বাবে অহা ২৯ আৰু ৩০ জানুৱাৰীত ৬ ঘন্টীয়া পালনামৰ লগতে সত্ৰ গৃহ প্ৰতিষ্ঠা দিৱস উদযাপনৰ আয়োজন কৰিছে । কাৰ্য্যক্ৰমনিকা অনুসৰি ২৯ জানুৱাৰীৰ দিনা পুৱা ৫ বজাত জাগৰণ, পুৱা ৫ -৩০ বজাত আইসকলৰ নিত্য প্ৰসঙ্গ, পুৱা ৬ -৩০ বজাত গছাৰাম ডেকাই শৰাই স্থাপন কৰাৰ পাছতে পুৱা ৭ বজাত বাপ সকলৰ নিত্য প্ৰসংগ ,পুৱা ৭ -৩০ বজাত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভোলাৰাম ডেকাই ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী সমাপন কৰাৰ পাছতে পুৱা ৮ বজাত শ্ৰদ্ধাঞ্জলি কায্যৰ্কসুচী ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য বিমল ভকত ৰূপায়ণ কৰিব । ইয়াৰ পাছত পুৱা ৮ -৩০ বজাত ভকত গৃহ শুভ উদ্ধোধন কৰিব ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে আৰু পুৱা ৯ বজাত বটাবাৰীৰ বাপ নৰেন ডেকাই সমূহীয়া নাম -প্ৰসঙ্গ পৰিচালনা কৰাৰ পাছত দূপৰীয়া ১২ বজাত মাহ – প্ৰসাদ বিতৰণ কৰা হ’ব । দিনৰ ১ বজাত শঙ্কৰী সংস্কৃতিক সাধক ডালিম পাঠকদেৱৰ সোঁৱৰণত স্মৃতিচাৰণ সভাৰে প্ৰথম দিনাৰ কাৰ্যসূচী সমাপ্ত হ’ব। সেইদৰে ৩০ জানুৱাৰী দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ হ’ব পুৱা ৫ বজাত জাগৰণেৰে , পুৱা ৫ -৩০ বজাৰ পৰা ক্ৰমে আইসকলৰ নিত্য প্ৰসংগ, শৰাই স্থাপন, বাপ সকলৰ নিত্য প্ৰসংগ আৰু পুৱা ৮ বজাৰ পৰা আৰাম্ভ হ’বলগীয়া পালনাম পৰিচালনা কৰিব গুৱাহাটীৰ পান বজাৰৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য বীৰেন পাঠকে । দিনৰ ১ বজাত পালনামৰ সামৰণি। এই সময়ছোৱাত সত্ৰখনত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজৰ সেৱা প্ৰাৰ্থনা, মাহ প্ৰসাদ বিতৰণ আৰু দিনৰ ১-৩০ বজাত মহা প্ৰসাদ বিতৰণ কৰা হ’ব । ইয়াৰ পাছত আবেলি ৩ বজাৰ লাগে লগে ভকত বিদায়ীৰে ২ নং বটাবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰৰ ৬ ঘন্টীয়া পালনাম অন্ত পৰিব । গতিকে কাঠপুৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ প্ৰতিষ্ঠাপক সভাপতি তথা ভকত তৰুণ ডেকা আৰু শ্ৰীশ্ৰী ৰৌতা সত্ৰ পৰিচালনা সমিতিৰ সদস্য বলোৰাম পাঠকৰ লগতে ২নং বটাবাৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ পালনাম উদযাপন সমিতিৰ সভাপতি লক্ষ্মীৰাম ডেকা , সম্পাদক কৃষ্ণ ডেকা আৰু বটাবাৰী শাখা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ডালিম কছাৰী এই পালনাম সাফল্যমণ্ডিত কৰাৰ বাবে বৃহত্তৰ ৰৌতা অঞ্চলটোৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় – সহযোগিতা পাথৰেৰে কামনা কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…