Breaking

যোগীঘোপাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

0 1,067

বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এটা পিষ্টল, বৃহৎ পৰিমাণৰ নিচা জাতীয় ঔষধ সহ তিনিজন ধৃত ড্ৰাগ্‌ছ ব্যৱসায়ীক আটক কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। আটকাধীন যুৱক তিনিজন ক্ৰমে কাবাইটাৰীৰ ছফিকুল মণ্ডল, মোৱাজ্জেম হুছেইন আৰু মুন্না হ’ক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত যোগীঘোপা আৰক্ষীৰ এটা বৃহৎ দলে এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা যোগীঘোপাৰ চলন্তাপাৰা ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছ বিৰুদ্ধে অভিযান চলায় । উক্ত অভিযানত কাবাইটাৰীত ড্ৰাগছ ব্যৱসায়ী ছফিকুল মণ্ডলক আটক কৰি তেঁওৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে ছফিকুলক আটক কৰি সোধা-পোচা কৰাৰ অন্তত তেওঁৰ স্বীকাৰক্তিৰ ভিত্তিত কাবাইটাৰীস্থিত মোৱাজ্জেম হুছেইনৰ বাসগৃহত অভিযান চলায় । আৰক্ষীয়ে মোৱাজ্জেম হুছেইনৰ বাসগৃহত অভিযান চলাই এটা পিষ্টল (ফেক্টৰী মেড), নিচাজাতীয় টেবলেটসহ নগদ ধন উদ্ধাৰ কৰে । দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত মোৱাজ্জেম হুছেইনৰ লগতে তেওঁৰ পুত্ৰ মুন্না হককো আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে তিনি ধৃত ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰ্বমুঠ এটা পিস্তল, ৭২০ টা নিচাজাতীয় কেপচুল আৰু ৪১২০ টকা নগদ ধন উদ্ধাৰ কৰিব’লৈ সক্ষম হয় । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ বিৰুদ্ধে যোগীঘোপা থানাত ২৩/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে ড্ৰাগছৰ এই ব্যৱসায়ীৰ সৈতে জড়িত থকা মোৱাজ্জেম হুছেইন আৰু তেওঁৰ পুত্ৰ মুন্নাক পূৰ্বে যোগীঘোপা আৰক্ষীয়ে কেইবাবাৰো ড্ৰাগছসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । মোৱাজ্জেমে জেল হাজোতৰ পৰা কিছুদিন পিছত জামিনত মুকলি হৈ আহি পুনৰ ড্ৰাগছৰ এই ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰে । মোৱাজ্জেম হুছেইনৰ পৰা এনে মৰনাস্ত্ৰ উদ্ধাৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Leave A Reply