উজনি-মাজুলী : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ মেখেলী গাৱঁৰ দিন হাজিৰা কৰি পৰিয়াল পোহাপাল দিয়া জোন ওজাৰ কণ্যা ময়ূৰী ওজাই তিনিটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পোৱা বাতৰি বহুকেইটা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই দেৰগাঁৱৰ এগৰাকী ব্যক্তি ইউনাইটেড বেংকৰ প্ৰাক্তন কোষাধ্যক্ষ জয়ন্ত বেজবৰুৱা আৰু দেৰগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাতুল বৰাসহ মাজুলীৰ মেখেলী গাওঁস্থিত ময়ূৰী ওজাৰ ঘৰত উপস্থিত হয়। ময়ুৰীৰ উচ্চ শিক্ষাৰ বাবে জয়ন্ত বেজবৰুৱাই দহ হাজাৰ টকাৰ সহায়ৰ হাত আগবঢ়ায়। ময়ূৰী ওজাৰ পিতৃ বিয়োগৰ পিছৰে পৰাই দিন হাজিৰা কৰা তেওঁৰ মাতৃ জোন ওজাই যথেষ্ট ঘাট, প্ৰতিঘাটৰ মাজৰে ময়ূৰী সহ দুগৰাকী কন্যাক শিক্ষা গ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰি আহিছিল। কণ্যাৰ সাফল্যৰ পিছত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এই গৰাকী মহান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই দেখুৱা মহানুভৱতাৰ বাবে জয়ন্ত বেজবৰুৱাক পৰিয়াল বৰ্গই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শালমৰা হাইস্কুলৰ প্ৰধান শিক্ষক ভুপেন ভূঞাই ব্যক্তি গৰাকীৰ বিশেষ ভাবে শলাগ লৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…