দৰংমহামাৰী ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ ৮ গৰাকী ব্যক্তিক দেওবাৰে পাথৰিঘাট আৰক্ষী চকী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত সম্বৰ্ধনা জনায়৷ ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি ৰাইজক সজাগ, সচেতনৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মী, সাংবাদিক, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকলে লোৱা অগ্ৰণী ভূমিকাক ৰাইজে শলাগ লৈছে৷ ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত যোদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰঙৰ দেওঁমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক তথা স্বাস্থ্য বিষয়া ডাঃ কমলাকান্ত শৰ্মা, দুনী আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ আৰু স্বাস্থ্য বিষয়া ডাঃ নিপন দাস, পাথৰিঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰবন্ধক ৰিপুঞ্জয় শইকীয়া, পাথৰিঘাটৰ সাংবাদিক জয়ন্ত কাকতি, দৰঙৰ সাংবাদিক জয়দেৱ ডেকা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সহকাৰী সম্পাদক যাদৱ চন্দ্ৰ ভূঞা আৰু নিজ সৰাবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদিকা ৰুণু বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে প’ৰ্টেলটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাই৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…