জামুগুৰিহাট : জামুগুৰিহাটৰ কেৱাৰীচুক গাঁৱৰ যুৱতী শান্তি বৰা(১৮)ৰ দেহত যোৱা ১৮ জুনত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটি প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত কভিড’ত আক্ৰান্ত শান্তি বৰাৰ পৰিয়ালৰ ১৫ গৰাকী লোকৰ স্বোৱাব সংগ্ৰহ কৰিছিল স্বাস্থ্যবিভাগে৷ কিন্তু যোৱা কালি নিশা শান্তি বৰাৰ মাতৃ মুনু বৰা(৪২)ৰ স্বোৱাব টেষ্টৰ ফলাফলত ক’ভিড পজিটিভ অহাত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে৷ স্মৰ্তব্য যে জামুগুৰিহাটৰ কেৱাৰীচুক গাৱঁৰ শান্তি বৰাই তেওঁৰ বায়েকৰ সৈতে ২৫ জানুৱাৰীত কৰ্মসুত্ৰে দিল্লীলৈ গৈছিল। কিন্তু দেশজুৰি ঘোষণা হোৱা লক ডাউনৰ বাবে দুই ভগ্নী দিল্লীতে আবদ্ধ হৈ পৰে। পিছত আন্তঃৰাজ্যিক যাতায়ত মুকলি হোৱাত যোৱা ১ জুনত স্ব-গৃহমুখী হোৱা দুই ভগ্নী যোৱা ৩ জুনত উপস্থিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্থাপন কৰা জ’নেল স্ক্ৰীনিং চেন্টাৰত আৰু তেজপুৰৰ হোটেল কে.আৰ.চি. পেলেচত প্ৰতিষ্ঠানিক পৃথকীকৰন (Institutional quarantine) হৈ আছিল। অৱশ্যে শান্তি আৰু বায়েকৰ স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শোণিতপুৰ জিলা প্ৰশাসনে দুই ভগ্নীকে ৬ জুনৰ নিশা জামুগুৰিহাটৰ কেৱাৰীচুকৰ নিজা ঘৰত থৈ হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ দি যায়। হোম কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে শান্তি বৰা মূৰৰ বিষত ভোগে আৰু ১০৮ সেৱাৰ জৰিয়তে যোৱা ১৪ জুনৰ দিনা শান্তি আৰু বায়েক যামিনী বৰা দুয়োকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনি স্বোৱাব সংগ্ৰহ কৰি বিশ্বনাথ জিলাৰ নাগশংকৰ হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল যদিও ১৮ জুনত শান্তি বৰা ক’ভিড পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাত লগে লগে ক’ভিডত আক্ৰান্ত শান্তিক বিশ্বনাথ চাৰিআলি আইচ’লেচন কেন্দ্ৰলৈ প্ৰেৰণ কৰে স্বাস্থ্যবিভাগে৷ লগতে শান্তি বৰা হোম কোৱাৰেন্টাইন হৈ থকা কেৱাৰীচুক গাঁওখনকো শোণিতপুৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল৷ কালি শান্তি বৰাৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা মাতৃৰো ক’ভিড ১৯ ত আক্ৰান্তৰ ফলাফল অহাত নিশাই মাতৃ মুনু বৰাক তেজপুৰ মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে আজি পু্ৱা কন্টেইনমেন্ট এলেকাটো পুনৰ প্ৰশাসনে চেনিটাইজ কৰে৷ উল্লেখ্য যে যোৱা ২০ জুনত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰতো বহি:ৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা তিনিজন যুৱকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ কালি মুনু বৰা(৪২) ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমানলৈকে জামুগুৰিহাটত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পালে৷ ইতিমধ্যে ক’ভিডত আক্ৰান্ত জীয়ৰীৰ পৰা মাতৃলৈ কৰ’না সংক্ৰমণ হোৱাৰ বাতৰিয়ে জামুগুৰিহাটৰ জনসাধাৰণক ভীতিবিহ্বল কৰি তোলাৰ লগতে জনসমাগমো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…
- তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…