বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত অহা এজাক প্রচণ্ড ধুমুহাত ৰঙিয়া বিধানসভা সমষ্টিৰ বহু ঠাইৰ বহু পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন হৈছে। ধুমুহাৰ কৱলত বহুঠাইত গছ-গছনি,ঘৰ-দুৱাৰ, অনুষ্ঠান প্ৰতিষ্ঠান ভাঙি তচনচ হয়।সেয়েহে আজি ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৈদ্যগড় গাঁও পঞ্চায়ত,বিছেন্নালা গাঁও পঞ্চায়তৰ বহু অঞ্চলৰ বহুকেইটা পৰিয়ালৰ বাসগৃহৰ ক্ষতি সাধন হোৱা সেই অঞ্চল সমূহত উপস্থিত হৈ পৰিয়াল সমূহৰ খা খবৰ লৈ মত-বিনিময় কৰে।
ৰঙিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত পাৰিষদ মিতালী ডেকাৰ ঘৰত উপস্থিত হৈ ধুমুহাত ক্ষতি হোৱা পাৰিষদগৰাকীৰ বাসগৃহৰ অৱস্থাৰ বুজ লয়।লগতে বৈদ্যগড় গাঁও পঞ্চায়ত আৰু বিছেন্নালা গাঁও পঞ্চায়তত ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম কাজসমূহ স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়।

