Breaking

বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে গহপুৰলৈ গৌৰৱ কঢ়িয়াইছে দুই কীৰ্তিমানে ; গ্ৰন্থ অধ্যয়নে মানসিক শক্তি বঢ়ায়, সঁচা বন্ধুত্বই আগুৱাই যোৱাত সহায় কৰে ।

0 1,158

ডুবিয়া : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ আৰু সপ্তম স্থান লাভেৰে ক্ৰমে ব্ৰেনজিত হাজৰিকা আৰু অম্লানজ্যোতি পেগুৱে গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুই কীৰ্তিমানে বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ হৈছিল। স্মতৰ্ব্য যে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এগৰাকী অধ্যাপক হোৱাৰ সপোন পুহি ৰখা ব্ৰেনজিতে নিজৰ ওপৰত গভীৰ আত্মবিশ্বাস থাকিলেহে পৰীক্ষাত সফল লাভ কৰিব পাৰি বুলি উল্লেখ কৰে। দৈনিক ৭-৮ ঘণ্টাকৈ অধ্যয়ন কৰি অহা ব্ৰেনজিতে সঁচা বন্ধুত্বই শৈক্ষিক ক্ষেত্ৰত বিশেষভাৱে আগুৱাই যোৱাত সহায় কৰে বুলিও উল্লেখ কৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত নগাঁওস্থিত ৰামাণুজন জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ হোৱা ছাত্ৰ ব্ৰেনজিত হাজৰিকাই ৯৫.৪ শতাংশ নম্বৰ লাভেৰে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ব্ৰেনজিতে ইংৰাজীত ৮৫, উচ্চ গণিতত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৯, ৰসায়ণ বিজ্ঞানত ৯৬, গণিতত ৯৯ আৰু পৰিসংখ্যা বিজ্ঞানত ৮৫ নম্বৰ লাভেৰে মুঠ ৪৭৭ নম্বৰ লাভ কৰিছে। উল্লেখ্য যে ব্ৰেনজিতে হাৱাজানস্থিত অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ পৰা ৯৮.৩৩ শতাংশ নম্বৰ লাভেৰে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰিছিল। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৯০ নম্বৰ লাভ কৰিছিল।কলাবাৰী গাগলগাঁও নিৱাসী তথা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰফুল্ল হাজৰিকা আৰু ৰুনু হাজৰিকাৰ একমাত্ৰ পুত্ৰ ব্ৰেনজিতৰ এনে সাফল্যত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ সময়তো সামাজিক দূৰত্ব বৰ্তাই ৰাখি স্থানীয় ৰাইজে গহপুৰৰ কলাবাৰীত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি কীৰ্তিমান ব্ৰেনজিতক উৎসাহিত কৰি তুলিছে। পাঠ্যক্ৰমৰ লগত সমান্তৰালকৈ গ্ৰন্থ অধ্যয়ন কৰি ভালপোৱা ব্ৰেনজিতে সমাজৰ উন্নয়নৰ স্বাৰ্থত এগৰাকী আই এছ বিষয়া হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও অৱগত কৰে। ইফালে ৯৫.২ শতাংশ নম্বৰ লাভেৰে ৰাজ্যখনৰ ভিতৰতে সপ্তম স্থান লাভ কৰি গহপুুুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে লোহিতমুখৰ অম্লানজ্যোতি পেগুৱে। লোহিতমুখ নতুন ধন্দিৰ নিবাসী তথা টেট শিক্ষক ৰামায়ণ পেগু আৰু অৰুণজ্যোতি পেগুৰ সুযোগ্য সন্তান অম্লানে নগাঁওস্থিত ৰামাণুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ইংৰাজীত ৮৫, উচ্চ ইংৰাজীত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৯, ৰসায়ণ বিজ্ঞানত ৯৬, গণিতত ৯৯ আৰু পৰিসংখ্যা বিজ্ঞানত ৮৫ নম্বৰ লাভ কৰে। এগৰাকী সফল অভিযন্তা হোৱাৰ সপোন পুহি ৰখা অম্লানে পাঠ্যক্ৰমৰ লগত সমান্তৰালকৈ গ্ৰন্থ অধ্যয়নো কৰি আহিছে। বিশেষকৈ চেতন ভগত, এ পি জে আব্দুল কালাম, হোমেন বৰগোহাঞিৰ বহুকেইখন গ্ৰন্থ অধ্যয়ন কৰি আহিছে বুলিও জানিবলৈ দিয়ে। তেওঁ কৰাৰ প্ৰসংগত গ্ৰন্থ অধ্যয়নে মানসিক শক্তি বঢ়াই বুলিও উল্লেখ কৰে। আজিলৈকে হাতত ম’বাইল নোলোৱাকৈয়ে মাথোঁ পাঠ্যক্ৰম আৰু বাহিৰা গ্ৰন্থ অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত ফুটবল আৰু ডবা খেলি সময় অতিবাহিত কৰি আহিছে। ফলাফল ঘোষিত হোৱাৰ পাছতে কীৰ্তিমানৰ ঘৰত মিচিং ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈ অম্লানজ্যোতিক অভিনন্দন জনায়। উল্লেখ্য যে বান, গৰাখহনীয়া, বন্যহস্তী যাতায়াত আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গহপুৰৰ দক্ষিনাঞ্চলত বসবাস কৰা ভূমিপুত্ৰ মিছিং জনগোষ্ঠীৰ প্ৰথম গৰাকী কীৰ্তিমান ছাত্ৰ হিচাপে উজলি উঠিছে। তেওঁৰ এই ফলাফলে গহপুৰৰ লগতে বিশ্বনাথত বসবাস কৰা মিচিং জনগোষ্ঠীয় লোকসকললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গহপুৰৰ মিচিং জনগোষ্ঠীৰ প্ৰথমগৰাকী স্থান প্ৰাপ্ত ছাত্ৰ হিচাপে অম্লানজ্যোতিয়ে যি গৌৰৱ কঢ়িয়াই আনিলে তাত লৈ উল্লাখিত মিচিং ৰাইজে ঢোলে দগৰে আনন্দ প্ৰকাশ কৰে। 

Leave A Reply