মাজুলীৰ কৃতিমানক সম্বৰ্ধনা বিদ্যাৰ্থী পৰিষদৰ ।

উজনি-মাজুলী : যোৱা ২৫ জুনত ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীৰ লগতে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র ছাত্ৰীসকলক  ঘৰে ঘৰে গৈ ৰাষ্ট্ৰবাদী ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সামাজিক দূৰত্ব অটুত ৰাখি সম্বৰ্ধনা জনাই আহিছে । বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলা সংযোজক মাধূৰ্য্য পাতিৰে জনাই যে, মহামাৰীৰূপী ক’ৰনাসৃষ্ট এই জটিল সন্ধিক্ষণত অনানুষ্ঠানিক ভাবেই মাজুলী জিলাৰ কৃতি ছাত্র ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদেশ্যৰে ঘৰে ঘৰে গৈ শুভেচ্ছা জ্ঞাপনৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে । কৃৰ্তিমান সকলক দেখি উৎসাহিত হৈ ভৱিষ্যত প্ৰজন্ময়ো আৰু অধিক ভাল ফলাফল দেখুৱাব বুলি  বিদ্যাৰ্থী পৰিষদে আশা ব্যক্ত কৰিছে। এবিভিপিৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোনোৱালে মেধাৱী সকলৰ  পৰা আগন্তুক দিনত আৰু সুফল আশা কৰে । সম্বৰ্ধনা কাৰ্য্যসূচীত সহ সংযোজক মনু নেৱাৰ, লুহিত বৰুৱা, বিমল পামে, ভাৰ্গৱ বৰুৱা, প্ৰাঞ্জল শইকীয়া আদি উপস্থিত থাকে ।

Related Articles