তিনিচুকীয়া : এফালে কৰোনাৰ সন্ত্ৰাস আৰু আনফালে বিগত চাৰি দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্য। সমান্তৰাল ভাৱে তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে।মূষলধাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে জিলা খনৰ বহু ন ন অঞ্চল। আনফালে পৰ্যাপ্ত আশ্ৰয় শিবিৰৰ অভাৱ আৰু খাদ্যৰ সংকটে দেখা দিছে বান পীড়িত সকলৰ মাজত। এই বিভীষিকাময় পৰিস্থিতিত যোৱা তিনিদিন ধৰি বান পীড়িতৰ কাষত থিয় হৈ মহানুভৱতাৰ নিদৰ্শন ডাঙি ধৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। যোৱা তিনিদিনে জিলা খনৰ প্ৰতিটো প্ৰান্তলৈ গৈ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে যথেষ্ট পৰিমাণে সাহায্যও আগবঢ়াই আহিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। বিগত দিনৰ দৰে আজিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সঁজাতি দলে জিলাখনৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত গুইজান হাইস্কুল, গুইজান হিন্দী হাইস্কুল আশ্ৰয় শিবিৰ, নতুন ৰঙাগড়া, গটং, ধেলাখাট আশ্ৰয় শিবিৰ, ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীবাট, গৰিয়াটিং, পুৰণি মতাপুং, বেবেজীয়া, হাতীজান আৰু বৰগাঁও পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় আৰু অত্যাৱশ্যকীয় সামগ্ৰী, মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্ৰী আদি যোগান ধৰে। ইফালে লাইকা-দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰিছে। উক্ত অঞ্চলৰ সকলো লোকক ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰাৰ লগতে নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰি যাৱতীয় সকলো সাহাৰ্য্য প্ৰদান কৰিবলৈ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে চৰকাৰক দাবী জনাই। বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্ব খ্যাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন জীৱ-জন্তুৰ বানপানী কবলৰ পৰা ৰক্ষাৰ বাবে পৰ্যাপ্ত সংখ্যক উখ আশ্ৰয় স্থল নিৰ্মান কৰিবলৈও চৰকাৰক দাবী জনাই। উল্লেখযোগ্য যে বৰ্তমান জিলাখনৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পায়ে আছে। সেয়েহে অধিক লোক বানৰ কৱলত পৰাৰ আশংকা বৃদ্ধি পাইছে। গতিকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ধাৰ অভিযান খৰটকীয়া কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…
- উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…