দৈনন্দিন বাৰ্তাৰ ডেস্ক :
সমগ্ৰ বিশ্বতে ক’ৰোনা সংক্ৰমণ এক কোটি অতিক্ৰম কৰিলে ৷ শনিবাৰে এই সংখ্যা অতিক্ৰম কৰে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যা ৫ লাখ স্পৰ্শ কৰিলে ৷ ইপিনে ইউৰোপীয় ইউনিয়নে শীঘ্ৰে ‘নিৰাপদ দেশৰ’ তালিকা প্রকাশ কৰিব ৷ সকলো দেশৰ বাসিন্দাক ইউৰোপত প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ সম্ভৱত অহা সপ্তাহৰ পৰাই এই কাৰ্য আৰম্ভ হ’ব ৷ এই তালিকাত আমেৰিকাৰ নাম যে নাথাকে সেয়া এক প্ৰকাৰ নিশ্চিত৷ ব্ৰাজিল, ভাৰত বা ৰাছিয়াৰ নামো এই তালিকাত নাথাকে বুলি জানিব পৰা গৈছে ৷ আনহাতে ভাৰতত একেদিনাই ২০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ফলত এদিনত আক্ৰান্ত হোৱাৰ তালিকাত পূৰ্বৰ অভিলেখ ভংগ কৰে৷ ইয়াৰ মাজতে তিনি লাখ আক্ৰান্তই ক’ৰোনাক জয় কৰিছে৷ দেওবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ১৯৯৬০ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ফলত মুঠ আক্ৰান্তৰ সংখ্যা ৫২৮৮৫৯ জন হ’ল ৷ ইয়াৰ মাজতে ৩০৯৭১৩ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে ৷ এতিয়া দেশত ২০৩০৫১ জন চিকিৎসাধীন ৷ সংক্ৰমণৰ নিৰিখত ভাৰত এতিয়াও বিশ্বৰ চতুৰ্থ স্থানত আছে ৷ আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৪১০ জন লোক৷ ফলত মুঠ মৃত্যুৰ সংখ্যা ১৬০৯৫জন হ’ল ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ২৩১০৯৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ এই পৰ্যন্ত দেশত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা কৰা হয়৷ আনহাতে দেওবাৰৰ তথ্য মতে সমগ্ৰ বিশ্বত এক কোটিৰো অধিৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তদুপৰি সমগ্ৰ বিশ্বত ৫৬৫৮৬৯ জন লোক ক’ৰোনাত মৃত্যু হৈছে ৷ উল্লেখ্য যে ৩ এপ্ৰিলৰ ভিতৰত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ১০৪০৫৬৭ জন ৷ ইয়াৰ ৪৮ দিনৰ পাছত ৫১০২০২৩ হয় ৷ কিন্তু এক কোটি হ’বলৈ সময় লাগিল ৩৮ দিন৷ দেওবাৰে দিনৰ ৩.৩০ বজাত সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১০০০১৫২৭ হয়গৈ ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা
- ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…