তিনিচুকীয়া : বিগত ২৭ মে’ত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণত ফলত অস্বাভাৱিক তেল আৰু গেছ নিৰ্গমন আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ ফলত হোৱা বন্যপ্ৰানী, জৈৱবৈচিত্ৰ, বায়ু, পানীৰ গুনগত মানদণ্ড তথা বন আৰু পৰিৱেশৰ ওপৰত হোৱা অন্যান্য ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ বাবে এজনীয়া তদন্ত সমিতি গঠন কৰি অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক দায়িত্ব অৰ্পন কৰিছিল। উক্ত সমিতিখনে অঞ্চলটোত সকলো ধৰণৰ ক্ষয়-ক্ষতিৰ লগতে সকলো সমস্যাৰ সম্পৰ্কে জনসাধাৰণৰ তথা দল-সংগঠনৰ পৰা মতামত গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আৱৰ্ত্ত ভৱনত ২৬-২৮ জুনলৈ তিনিদিনিয়াকৈ এক গণ শুনানীৰ আয়োজন কৰিছিল। সেই গণ শুনানীত দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজিৎ গোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক ধৰণী গোহাঁই, চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰেশ গোৱালা, গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক অশোক লামাৰ লগতে সমূহ সংগঠনৰ প্ৰায় অৰ্ধশতাধিক নেতৃত্বই অংশগ্ৰহণ কৰি অইল ইণ্ডিয়া লিমিটেডে ভৱিষ্যতে পৰিৱেশ সংবেদনশীল আৰু জনবাসতিপূৰ্ণ এলেকাৰ ভিতৰত সকলো খনন কাৰ্য বন্ধ কৰা, বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্থ হোৱা সকলো পৰিয়ালক সকলো ধৰণৰ উচিত ক্ষতিপুৰণৰ লগতে নিকটৱৰ্তী গাঁওসমূহত শিৱিৰত বসবাস কৰি থকা লোকসকলক সাহায্য প্ৰদান কৰা, মতাপুং-মাগুৰি বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদাণ কৰা, অইল ইণ্ডিয়া লিমিটেডৰ যিকোনো কাম কাজ তথা পৰিত্যক্ত খাদ সমূহত সম্পূৰ্ণৰূপে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এইজনীয়া সমিতিখনৰ জৰিয়তে দাবী জনাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাৰিয়ানাৰ উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…