নাজিৰা : দেশৰ স্বাধীনতাৰ ৭০ টা বছৰেও চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অতিকে জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা। যোৱাকালি এই জৰাজীৰ্ণ পথটোত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্তও কৰিলে অঞ্চলটোৰ ৰাইজ তথা মহিলাই। তামোলৰ সাকোৱে পাৰ হৈ আহে গাওঁ বাসী। শিৱসাগৰ জিলাৰ হাঁহচৰা পঞ্চায়তৰ লাটুম গাঁৱৰ এটি জৰাজীৰ্ণ পথ। স্বাধীনতাৰ ৭০ বছৰ গৰকা হাঁহচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুক, লাটুম চুকৰ পথৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। চৰকাৰলৈ আশা নকৰি ৰাজপথলৈ হাতত কোৰ, দা লৈ জৰাজীৰ্ণ পথ নিৰ্মাণ নামি পৰিল হাঁহচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুকৰ মহিলা। এজাক নেৰানেপেৰা বৰষুণ দিলে সৰুঘৰীয়া চুক, লাটুম চুকবাসীয়ে ভুগি আহিছে দুৰ্ভোগ। বোকাৰে ভৰপূৰ হৈ পৰে সৰুঘৰীয়াচুক, লাটুম চুকৰ বাটপথ। স্বাধীনতাৰ ৭০ টা বছৰ এই গাওঁখনলৈ চৰকাৰ জনপ্ৰতিনিধি আহে একমাত্ৰ ভোটৰ লালখাত। আজিৰ যুগতো এই বোকাময় জৰাজীৰ্ণ পথ তামোল সাকোৰে বগাই আহে সৰুঘৰীয়া চুক, লাটুম চুকৰ বিষয়ববীয়া। কিন্তু এতিয়াও যেন কাণসাৰ নাই হাঁহচৰা পঞ্চায়তৰ। প্ৰায় শ শ বছৰ ধৰি হাঁহচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুক, লাটুম চুকবাসী ৰাইজে বোকাময় পথৰে অহাযোৱা কৰাত দুৰ্ভোগ ভুগি আহিছে। ৰোগী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসা-বিভাগৰ লোক, ৰোগী কঢ়িওৱা যান-বাহন, সাধাৰণ ব্যক্তিও এই পথেৰে অহা যোৱা কৰাত বাধাৰ সন্মুখীন হৈছে। অৱশেষত সৰুঘৰীয়া চুকৰ মহিলা সকল অতিস্থ হৈ চৰকাৰ হাঁহচৰা পঞ্চায়তলৈ আশা নকৰি হাতে হাতে কোৰ দা’ লৈ ব্যস্ত হৈ পৰিল জৰাজীৰ্ণ পথ নিৰ্মাণত। কেৱল পথ নিৰ্মাণেই নহয় বোকাময় পথত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্ত কৰে হাঁহচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুকৰ মহিলাই ।



