কাইলৈৰ পৰা ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ঐতিহাসিক ফাটবিহু।সজাই-পৰাই তোলা হৈছে মহঘূলি চাপৰি

আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩,১৪ আৰু ১৫ মে’ত তিনি দিনীয়াকৈ অনুষ্ঠিত হ’ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী।মহঘূলি চাপৰিত ফাটবিহু আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।এইবাৰ ফাটবিহুত অসমৰ বোলছৱি জগতৰ যশশ্ৰী অভিনেতা প্ৰাঞ্জল শইকীয়া,অভিনেত্ৰী অমৃতা গগৈ আৰু জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিৰ লগতে অসমৰ কেইবাজনো প্ৰসিদ্ধ বিহুৱা তথা বিশিষ্ট লোকে অংশগ্ৰহণ কৰিবহি।

চাৰিকড়িয়া নৈৰ পাৰৰ মহঘূলি চাপৰিৰ ফাটবিহু তলীখধ চাফ চিকুণ কৰাৰ লগতে গছ গছনীবোৰতো চূণ-তেল সানি সৌন্দৰ্য্য বৰ্দ্ধন কৰা হৈছে।

Related Articles