Breaking

২নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দিনাই উত্তপ্ত পৰিস্থিতি….

0 1,404

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ২নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ ভিত্তিৰ ধন আত্মসাৎ কৰা, একাউন্ট খোলাৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা ৫ শকৈ টকা লোৱা, আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰা, মাজেসময়েহে মধ্যাহ্ন ভোজনৰ আহাৰ যোগান ধৰা, পৰিচালনা সমিতিক গুৰুত্ব নিদি পৈতৃক সম্পত্তিৰ দৰে বিদ্যালয় ব্যৱহাৰ কৰাৰ অভিযোগ তুলিলে পৰিচালনা সমিতি ও স্হানীয় ৰাইজে।

গুণোৎসৱৰ চলি থকাৰ বাবে আন বিদ্যালয়ৰ পৰা ডেক্স বেঞ্চ আনিছে। বিদ্যালয়গৃহৰ তথৈবচ অৱস্থা বুলি গুনসৱৰ নিৰীক্ষে মন্তব্য কৰিছে। প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনে টকা লোৱাৰ কথা স্বীকাৰ কৰে। সেয়ে চৰকাৰক বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।

Leave A Reply