Breaking

এফালে ৰাজ্যত গুণোৎসৱ আনফালে টীয়ক নগৰৰ নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা….

0 117

এফালে ৰাজ্যত গুণোৎসৱ আনফালে টীয়ক নগৰৰ নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা । নাই প্ৰয়্যাপ্ত শিক্ষক, নাই প্ৰয়্যাপ্ত আন্ত:গাঁঠনি , বনপানীৰ সময়ত বন্ধ থাকে বিদ্যালয় । অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যত  প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহিছে । যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াৰে নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ এক দুৰৱস্থাৰ ছবি।

উল্লেখযোগ্য যে১৯৮৩ চনতে প্ৰতিষ্ঠা হোৱা নতুন চাপৰি প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আজি  ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুস্থ শৈক্ষিক পৰিৱেশ আনি দিবৰ বাবে বিভাগৰ ওচৰত বাৰম্বাৰ অনুৰোধ জনাই ভাগৰি পৰিব লগা হৈছে। যিহেতু বিদ্যালয়খনত নাই উন্নত আন্তঃগাঠনি, নাই প্ৰয়্যাপ্ত শিক্ষক।

কেৱল এজন শিক্ষকেৰে চলিছে বিদ্যালয়খন ৷চৰকাৰী  বিভিন্ন কামৰ বাবে প্ৰধান শিক্ষক গৰাকী বিদ্যালয়ত উপস্থিত নাথাকিলে স্তব্ধ হৈ পৰে শিক্ষা ব্যৱস্থা ৷উল্লেখ্য যে টীয়ক নৈৰ বাঢ়নিপানীয়ে বুৰাই পেলাৱাৰ বাবে বিদ্যালয় খন বছৰটোৰ বাৰিষা কালত তিনি মাহ প্ৰায়ে বন্ধ থাকে।বিদ্যালয় খনৰ চৌহদত নাই কোনো বেৰা ৷

যাৰ বাবে কন কন ছাত্ৰ-ছাত্ৰীক লৈ ভয় আৰু সংষয়ত দিন কটাইছে প্ৰধান শিক্ষক গৰাকীয়ে ৷তদুপৰি তথৈবচ ৰান্ধনী ঘৰৰ অৱস্থা। সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশত প্ৰস্তুত হোৱা মধ্যাহ্নভোজন গ্ৰহণ কৰি আছে কন কন শিক্ষাৰ্থী সকলে। এনে ধৰণৰ এশ এবুৰি সমস্যাই জৰ্জৰিত বিদ্যালয় খনৰ পয়ালগা ছবিয়ে চকু কঁপালত তুলিছে সচেতন ৰাইজৰ।

এনে অশৈক্ষিক পৰিৱেশত কিমান দূৰ সফল হ’ব গুণোৎসৱৰ মূল্যায়ন পদ্ধতি ৷ বৰ্তমান এনে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাইজৰ মাজত।

Leave A Reply