টেঙাখাত আৰক্ষী থানা অন্তৰ্গত পানধোৱা গাওঁ আৰু চাহ বাগিছা অঞ্চলত দীৰ্ঘদিনৰ পৰা বাঘৰ সন্ত্ৰাস বৃদ্ধি পাইছে ।উক্ত অঞ্চলত বাঘে চৰণীয়া পথাৰৰ পৰা ধৰি ৰাইজৰ ঘৰচীয়া গৰু ম’হ ছাগলী আদি ভক্ষণ কৰাৰ উপৰি বাঘটো প্ৰত্যক্ষ কৰাৰ পাছত গাঁৱৰ ৰাইজে যাঠি-জোং লৈ খেদাই থকাৰ অৱস্থাত আজি দিন দুপৰতে প্ৰায় ৪ মান বজাত চাৰিজন ব্যক্তিক গুৰুত্ব ভাৱে আক্ৰমণ কৰে ৷উক্ত ব্যক্তি কেইজনৰ নাম বেনুৰঞ্জন ৰাজখোৱা, (বয়স ৩০), কন্দৰ্প গগৈ (বয়স ৩৫), গোপন জীৱন সোণোৱাল (বয়স ৩৬), ঘনকান্ত গগৈ (বয়স ৪৪) । আটাইকেইজন ব্যক্তি পানধোৱা গাঁৱৰ স্থায়ী নিৱাসী ।

ব্যক্তিজনক ততাতৈয়াকৈ টেঙাখাতস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালৈ প্ৰাথমিক চিকিৎসাৰ বাবে অনা হয় ৷উক্ত অঞ্চলত থকা হাবি- জংঘল তথা চাহ বাগিছাৰে ভৰি থকা অঞ্চল হোৱাৰ হেতুকে বাঘৰ উপদ্ৰ’প বৃদ্ধি পাইছে।ৰাইজে বন বিভাগক বাঘ ধৰাৰ ব্যৱস্থা কৰা নতুবা অঞ্চলটোৰ পৰা বাঘ খেদোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰিছে ।

