সাৱধান!আচাৰৰ বটলত ওলাল দাঁত

আপুনি দোকানৰ পৰা আচাৰ কিনি খায় নেকি ।তেন্তে সাৱধান!কিয়নো আচাৰৰ বটলত এতিয়া দাঁতো পোৱা যায়।হয় তেনে ঘটনা সংঘটিত হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰত। মংগলবাৰে ঘৰত ভাতসাজৰ লগত খাবৰ বাবে NILON’S নামৰ কোম্পানীৰ এটা আচাৰৰ বটল বৰপথাৰ নগৰৰ এখন দোকানৰ পৰা ক্ৰয় কৰিছিল গণেশ বৰা নামৰ ব্যক্তি এজনে। দোকানৰ পৰা কিনি অনা আচাৰৰ বটলতো খুলি আচাৰ ওলিয়াওতে আচাৰৰ লগত ওলায় এটি বগা বস্তু। ভালদৰে নিৰীক্ষণ কৰাৰ পাছত আচাৰৰ বটলত ওলোৱা বস্তুটো এটা দাঁত বুলি নিশ্চিত হয় ব্যক্তি জন। উল্লেখ্য আচাৰৰ বটলত ওলোৱা দাঁতটো জীৱ জন্তুৰ বুলি কয় ব্যক্তি গৰাকীয়ে। কিন্তু আচৰিত কথা যে NILONS নামৰ এই নামী দামী কোম্পানীটোৰ আচাৰৰ লগত জীৱ জন্তুৰ দাঁত ওলোৱা কাৰ্যই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে। আজিৰ এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে একাংশ বহিৰাগত কোম্পানীয়ে মানুহক খাদ্যৰ নামত বৰবিহ খুৱাই আছে।

ইপিনে জনসাধাৰণক NILON’S কোম্পানীৰ আচাৰ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ভুক্তভোগী গণেশ বৰাই।

Related Articles