Breaking

ভূমিকম্প আহিলে ঘৰত কি কি কৰিব লাগে জানেনে?

0 2,631

উত্তৰ-পূৰ্বাঞ্চলক ভূমিকম্পপ্ৰৱণ অঞ্চল বুলি কোৱা হয়। ২৪ ঘণ্টাত দুটাকৈ ভূমিকম্পই জোকাৰি গৈছে অসম তথা উঃ-পূৰ্বাঞ্চল। সাধাৰণ লোকৰ সুৰক্ষাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে কেইবাটাও সাৱধানতাৰ আহ্বান জনাইছে।

ঘৰত কি কৰিব লাগে ?

  1. শান্ত থাকক। আতংকিত নহ’ব।
  2. মেচ, মমবাতি বা কোনো শিখা ব্যৱহাৰ নকৰিব।
  3. টেবুলৰ তলত আশ্রয় লওক। আপোনাৰ মুৰটো এখন হাতেৰে আৰু কম্পন শেষ নোহোৱালৈকে মেজখন ধৰি ৰাখক।
  4. যদি আপুনি ঘৰৰ ভিতৰত আছে, ভিতৰতে থাকিব। যদি আপুনি বাহিৰত আছে, বাহিৰতে থাকক।
  5. আয়না আৰু খিৰিকীৰ পৰা আঁতৰি থাকক।
  6. কম্পন শেষ নোহোৱালৈকে ভৱনটোৰ পৰা প্ৰস্থান নকৰিব।
  7. এটি কোণত বা শক্তিশালী মেজ বা বিচনাৰ তলত নিজকে সুৰক্ষিত ৰাখক
  8. আয়না আৰু খিৰিকীৰ পৰা আঁতৰত ভিতৰৰ বেৰত থাকি নিজকে সুৰক্ষিত ৰাখক।

ভূমিকম্পক প্ৰতিৰোধ বা নোহোৱা কৰিব নোৱাৰি। কিন্তু সাৱধানতা অৱলম্বন কৰিলে নিশ্চয় নিজকে সুৰক্ষিত কৰিব পাৰি। কোৱা হয় সাৱধানীৰ মৰণ নাই।

Leave A Reply