উজনি-মাজুলী : চুবুৰীয়া জিলা লখিমপুৰৰ পৰা আহি মাজুলীত উপস্থিত হোৱা এগৰাকী অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকক বুধবাৰে লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ এক নিৰাপদ আশ্ৰয় উপলব্ধ কৰালে মাজুলী জিলা প্ৰশাসনে। লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত দীঘলী চৌখাম গাঁৱৰ প্ৰায় ৭২ বছৰ বয়সৰ লক্ষেশ্বৰ বৰা নামৰ বয়োবৃদ্ধ লোকজনক মাজুলীৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাৰ বিশেষ উদ্যোগত লখিমপুৰৰ বঙালমৰাস্থিত এটা ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হয়। নিজৰ পুত্ৰ-কন্যা নথকাৰ লগতে আশ্ৰয়হীন হৈ পৰা বুলি প্ৰকাশ কৰা বয়োজ্যেষ্ঠ লোকজনে এই বয়সত আশ্ৰয়ৰ সন্ধানত ৩০ জুনত কেনেবাকৈ মাজুলীত উপস্থিত হৈছিলহি। এটা নিশা এখন সত্ৰত সত্ৰৰ ভকত-বৈষ্ণৱৰ সহযোগত অতিবাহিত কৰা বৰাই বুধবাৰে আগবেলা কোনো বৃদ্ধাৱাসত থকাৰ সুবিধা প্ৰদানৰ আৰ্জিৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকজনৰ অৱস্থাৰ কথা জানিব পাৰি সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিকোণেৰে গ্ৰহণ কৰি লগে লগে মাজুলীৰ উপায়ুক্তৰ দিহা লৈ লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। সহকাৰী আয়ুক্ত গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰৰ জিলা সমাজ কল্যাণ বিষয়াৰ সৈতে যোগাযোগ কৰি বয়োবৃদ্ধ লোকজনক আজিৰে পৰাই লখিমপুৰ জিলাৰ বঙালমৰাস্থিত ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰে। ইয়াৰ পাছতে বিয়লি লক্ষেশ্বৰ বৰাক মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা এখন গাড়ীৰে সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত বঙালমৰাৰ জ্যেষ্ঠ নাগৰিক আৱাস গৃহটিত থৈ অহাৰো সম্পূৰ্ণ ব্যৱস্থা কৰে সহকাৰী আয়ুক্ত গৰাকীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…