নলবাৰী : সমগ্ৰ অসম তথা পুৰ্ণভূমি ভাৰতবৰ্ষত বসবাস কৰা লোকসকল ধৰ্মীয় অগ্ৰাসনৰ বলি হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অভিশপ্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দোহাই দি খিলঞ্জীয়া অসমীয়াক বিদেশী সজাই ডিটেনশ্ব’ন কেম্পত এতিয়াও বন্দী কৰি ৰখা কাৰ্য্যক হিন্দু ক্ৰান্তি দল অসমে ধ্বিক্কাৰ ও নিন্দা প্ৰকাশ কৰে আৰু লগতে বন্দী সকলক মুক্তিৰ দাবীত নলবাৰী চহৰত এখন সংবাদ মেলৰ অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰীৰ জিলা সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে, ভাৰতবৰ্ষত বসবাস কৰা কোনো হিন্দুৱেই বিদেশী হ’ব নোৱাৰে। কিয়নো বৰ্তমান পৃথিৱীত খ্ৰীষ্টিয়ান আৰু মুছলিমৰ দেশ বুলি ক’লে শতাধিক দেশ আছে কিন্তু হিন্দু ধৰ্মৰ দেশ বুলি কলে চৰকাৰীভাৱে এখনো দেশ নাই। হিন্দু ধৰ্মৰ দেশ বা হিন্দু ৰাষ্ট্ৰ বুলি ক’লে আমি আমাৰ এই হিন্দুস্থান আৰু নেপালৰ দৰে সৰু ৰাষ্ট্ৰখনৰ কথা ভাবোঁ। কিন্তু বৰ্তমান সময়ত হিন্দু ৰাষ্ট্ৰ হিচাপে পৰিচয় দিব নোৱাৰোঁ বিভিন্ন কাৰিকৰী ও সাংবিধানিক কাৰণত। আকৌ আমি বসবাস কৰা আমাৰ মাতৃভূমিৰ নাম অতীত কালত হিন্দুস্থান কিয় হৈছিল আমি সকলোৱে অনুমান কৰিব পাৰো। কিন্তু বৰ্তমান সময়ত এই হিন্দুস্থান আৰু হিন্দুস্থান হৈ থকা নাই। বৰ্তমান সময়ত আমাৰ ভাৰত ভূমি তথা এই হিন্দুস্থানত হিন্দু ধৰ্মৰ অস্তিত্ব আৰু দেশৰ ভৱিষ্যৎ বিপদাপন্ন। অথচ এই মাতৃভূমিক আমি ঋষি মনিষীৰ দেশ বুলি হে জানো। এনেকৈ হিন্দু ধৰ্মৰ অস্তিত্ব হানি হৈ থাকিলে এটা সময় এনেকুৱা আহিব যে হিন্দু ধৰ্মৰ অস্তিত্ব নাইকীয়া হৈ যাব। আমি আমাৰ পৰিচয় নিজৰ মাতৃভূমি হেৰুৱাব লগা হব। সেয়েহে আজিৰ দিনত নিজৰ জাতি আৰু দেশমাতৃক ৰক্ষা কৰিব হলে সনাতন ধৰ্মীয় লোকৰ বৃহৎ বলিদানৰ প্ৰয়োজনীয়তা আছে। লগতে সংযোজক গৰাকীয়ে কয় যে হিন্দুৰ প্ৰতি বৈষম্য বন্ধ কৰক। ডিটেনশ্ব’ন কেম্পত থকা সকলো হিন্দুক তৎকালে মুক্তি দিয়াৰ কথা আছিল, কিন্তু আজি পৰ্যন্ত মুক্তি দিয়া নাই। এয়া অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰকৃত নথি পত্ৰ থকাৰ পিছতো বহুতো হিন্দু বাদ পৰিছে এন আৰ চি (NRC) ৰ পৰা। এইখন আসোৱাঁহ থকা এন আৰ চি (NRC) চৰকাৰে অগ্ৰাহ্য কৰক। চৰকাৰীভাবে বাতিল কৰিলেহে বাতিল হ’ব। চৰকাৰীভাবে এইখন NRC প্ৰত্যাখ্যান কৰক। সেয়েহে হিন্দু ক্ৰান্তি দল অসমে শাসিত চৰকাৰ লৈ নিবেদন কৰিছে হিন্দুৰ ওপৰত ৰাজনীতি নকৰি, ভাৰতীয় সংস্কৃতিক মূল আধাৰ হিচাবে লৈ উচিত মৰ্যদা প্ৰদান কৰি ডিটেনশ্ব’ন কেম্পত আবদ্ধ হৈ থকা হিন্দু সকলক অতি শীঘ্ৰেই মুকলি কৰে যেন। উক্ত সংবাদ মেলত উপস্থিত হিন্দু ক্ৰান্তি দল নলবাৰীৰ সম্পাদক জিতু মেধীয়ে বৰ্তমান পৰিস্থিতত হিন্দুক বেদেশী সজোৱাতো অতি দুৰ্ভগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে। সংবাদ মেলত সংগঠনটোৰে পুৱ নলবাৰী আঞ্চলিকৰ সভাপতি সীমান্ত দাস আৰু অসীম দাস উপস্থিত থাকি বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…