নগাওঁ : পেট্ৰলজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত সদৌ নগাওঁ জিলা ছাত্র সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। ছাত্র সন্থাৰ সদস্য সকলে আধা ঘন্টা সময় জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ নগাওঁ ষ্টেট বেংক আৰু জিলা পৰিবহন বিভাগৰ সংযোগী পথ অৱৰোধ কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। ছাত্র সন্থাৰ সদস্য সকলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে। ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়, ফণীভূষণ চৌধুৰী হায় হায়, আছু জিন্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে নগাঁও আছুৱে ৰাজপথ উত্তাল কৰি তোলে। আনহাতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰ এতিয়া বৃহৎ পুঁজিপতিৰ হাতোৰাত বন্দী হৈছে। পুঁজিপতিৰ স্বাৰ্থক সুৰক্ষিত কৰিবলৈ গৈ দুয়োখন চৰকাৰে সৰ্বসাধাৰণ ৰাইজক ৰাম টাঙোন শোধাই পেট্ৰলজাত সামগ্ৰীকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ঘটাইছে। চৰকাৰৰ এনে জনস্বার্থ বিৰোধী কাৰ্য্য আমি কেতিয়াও মানি নলওঁ। মূল্যবৃদ্ধি ৰোধ হবই লাগিব। ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে নগাওঁ সদৰ আঞ্চলিক ছাত্র সন্থা, নগাওঁ মহকুমা ছাত্র সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…