কৰিমগঞ্জ : মুন্নাভাই গদাধৰ ডাক্তৰৰ চিকিত্সাত চকু হেৰুৱালে এটি কণমানিয়ে। কণমানিটিৰ জীৱনত নামি আহিল অমিনিশা। আচলতে ভুৱা ফাৰ্মাচীৰে ভৰি উঠিছে সীমান্তবৰ্তী জিলা কৰিমগঞ্জ। আৰু সেই ফাৰ্মাচীত নাই কোনো ফাৰ্মাচীষ্ট, নাই কোনো বৈধ নথিপত্ৰ। এনে অনুজ্ঞা পত্ৰবিহীন ফাৰ্মাচীৰ খবৰ পাই উপস্থিত হৈ গৈ সাংবাদিক। সাংবাদিক যোৱাৰ খবৰ পাই উপস্থিত হয় ড্ৰাগছ পৰিদৰ্শক। তেওঁ উপস্থিত হৈ দোকানৰ গৰাকীৰ পৰা বৈধ নথিপত্ৰ বিচাৰিলে। দোকানৰ গৰাকীয়ে দিব পৰা নাই কোনো ধৰণৰ নথিপত্ৰ। যাৰ ফলতে পৰিদৰ্শক গৰাকীয়ে দোকানখন বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে। অভিযোগ অনুসৰি, সুতাৰকান্দি কুড়িখালা জিপিৰ জড়ৰৰ বজাৰত ‘জে জে আয়ুৰ্বেদিক মেডিকেল হল’ নামৰ এইখন ঔষধৰ দোকান। সেই দোকানৰ মালিকগৰাকী হল ডিমপুৰৰ আল্তাপ হুসেন । যোৱা কেইবছৰ ধৰি সমগ্র জড়ৰ বজাৰ এলাকাত নিজকে মুন্নাভাই ডাক্তৰ হিচাবে পৰিচয় দি জীবনদায়ী ঔষধ প্রেসক্রিপসন কৰি আহিছে বুলি অভিযোগ। উল্ল্যেখ্য, জড়ৰ বজাৰৰ পাশ্ববর্তী সনোডৰি গাঁৱৰ দিনদৰিদ্র নেওৱা বেগমৰ কন্যা অষ্টম শ্রেণীৰ ছাত্ৰী মমতা বেগমৰ যোৱা কেইবাদিন পূৰ্বে মূৰৰ বিষ হৈছিল। যাৰবাবে জে জে আয়ুৰ্বেদিক মেডিকেল হলৰ আল্তাপ হুসেনেৰ ওচৰত মমতা বেগমক লৈ গৈছিল মা নেওৱা বিবিয়ে। নেওৱা বিবিৰ ভাষ্যমতে মূৰৰ বিষৰ টেবলেট দিয়াৰ লগতে মমতাক ইনজেকশনও দিছিল আল্তাপ হুসেনে। কিছু সময় পিছত মূৰৰ বিষ কমি যায় কিন্তু প্রচণ্ড চকুৰ বিষ অনুভৱ কৰিছিল মমতাই। ক্ৰমাৎ বিষ বঢ়াৰ লগে লগে চকুটো ফুলি উঠে। পিছদিনা পুৱাৰে পৰা চকুৰে একো নেদেখা হয় ছাত্রী গৰাকীয়ে। মমতাৰ চকুৰ অৱস্থা বেয়া হোৱাত মমতাৰ মাতৃয়ে কৰিমগঞ্জ চিভিল হাস্পাতাললৈ লৈ আহে। কিন্তু মমতাক শিলচৰৰ মেডিকেল কলেজ হাস্পাতাললৈ পাঠিয়াই দিয়া হয়। তাত ডাক্তৰে পৰীক্ষা কৰি কয় মমতাৰ বাওঁ চকুটো একেবাৰে নষ্ট হৈ গৈছে। এতিয়া স্বামীহাৰা অসহায় নেওৱা বিবিয়ে কেনেকৈ চিকিত্সা কৰাব চিন্তাৰ বিষয় হৈ পৰিছে। আনহাতে জড়ৰৰ বাজাৰৰ জে জে আয়ুৰ্বেদিক মেডিকেল হলৰ মালিক আল্তাপ হসেনৰ বিৰুদ্ধে ভূল চিকিত্সাৰ অভিযোগ উঠিছে। নেওৱা বিবিয়ে সংবাদ মাধমৰ সম্মুখত স্বীকাৰ কৰে যে সংশ্লিষ্ট সেই ফার্মাচীখনৰ পৰা মূৰৰ বিষৰ দৰব খোৱাৰ পিছৰ পৰাই চক্ষু নষ্ট হৈ যায় মমতা বেগমৰ। বৃহস্পতিবাৰে ড্রাগছ ইন্সপেক্টৰ পূর্ণসিন্ধু মুদই সেই ফার্মাচীখন পৰিদর্শনৰ বাবে উপস্থিত হয় ফাৰ্মাচীৰ মালিক আল্তাপ হুসেনে লাইচেঞ্চ বা আন কোনো কাগজপাতি দেখাব নোৱাৰিলে। ইয়াত আৰু এটা কথা উল্লেখযোগ্য যে, ড্ৰাগছ পৰিদৰ্শকে যেতিয়া ওহিদৰ পৰা ঔষধ ক্ৰয় কৰাৰ কোনো বিল বিচাৰিলে, তেতিয়া দেখিবলৈ পোৱা গ’ল বিলত এলিপ্যাথিক ঔষধৰ বিল কৰা হৈছে। যাৰ ফলতে ড্ৰাগছ পৰিদৰ্শকে এই বিল কেইখন জব্দ কৰি লৈ আহে। এই ফাৰ্মাচীখন যদি আয়ুৰ্বেদিক হয় তেনেহ’লে এলোপ্যাথিক ঔষধ কেনেকৈ বিক্ৰী কৰি আছে? যিয়েই নহওঁক কিয়, এতিয়া চৰ্চাৰ বিষয় হৈছে এই ছোৱালী জনৰ ভবিষ্যতৰ কি হব ? কোনে ল’ব তাৰ দায়িত্ব ? কেনেকৈ হ’ব চিকিত্সা ? এনে নানা প্ৰশ্ন লৈ এলাকা জুৰি সৃষ্টি হৈছে এক তীব্ৰ চাঞ্চ্যল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…