মৈৰাবাৰীৰ এটা অভিশপ্ত পৰিয়ালৰ কৰুণ গাঁথা, আঢ়ৈ বছৰীয়া এটি শিশু অচিন ৰোগত আক্ৰান্ত

মৈৰাবাৰীৰ এটা অভিশপ্ত পৰিয়ালৰ কৰুণ গাঁথা,আঢ়ৈ বছৰীয়া শিশু অচিন ৰোগত আক্ৰান্ত, উপায়হীন পৰিয়ালৰ লোক, গাৰ নোম শিয়ঁৰি উঠা এটা ছবি। হয় এই অভিশপ্ত শিশুটি আক্ৰান্ত হৈছে এটা অচিন ৰোগত। শিশুটিক অভিশপ্ত এইবুলিয়ে কোৱা হৈছে কাৰণ-শিশুটি মাতৃ গৰ্ভত থাকোতে পিতৃ নিৰুদ্দেশ হৈছিল।পিছলৈ মমতাময়ী মাতৃ মুন্নীয়ে নিজ বাপেকৰ ঘৰত জন্ম দিছিল এইজনী দেৱশিশুক।মাতৃ গৰ্ভত থকা সময়তে পিতৃহীন হোৱা এই শিশুটিৰ মাতৃৰ বিয়া হৈছিল নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত গায়নগাঁওত।কিন্তু কিছুদিন পিছতে দুৰ্ভাগ্যজনক বাবে মুন্নীৰ শ্যামী নিৰুদ্দেশ হোৱাত মুন্নী গুচি যাব লগা হৈছিল নিজৰ পিতৃৰ ঘৰত।তাতে মুন্নীয়ে জন্ম দিছিল এই দুৰ্ভগীয়া শিশুটিক। শিশুটি জন্ম হোৱাৰ পৰা আজিলৈকে নিজ ককাকৰ ঘৰত লালন পালন চলিছিল।

মাতৃ মুন্নী আৰু আঢ়ৈ বছৰীয়া শিশু চুহানা ইমান দিনে মৈৰাবাৰীৰ অন্তৰ্গত লোচনাৱৰী গাঁৱৰ অতি দুখীয়া ককা দেউতাক আমিৰ উদ্দীনৰ ঘৰতে আছে। ইমান দিনলৈ সকলো ঠিকে আছিল যদিও শিশুটি যোৱা কিছুদিন ধৰি আক্ৰান্ত হৈছে এক জটিল ৰোগত। মন কৰক শিশুটিৰ শৰীৰ আৰু মুখলৈ।

দুখীয়া ককায়েকৰ সাঁচি থোৱা ধন শিশুটিৰ চিকিৎসাৰ নামত খৰছ কৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থা ককায়েক আমিৰ উদ্দীনৰ। উপায়হীন হৈ এতিয়া কাষ চাপিছে সংবাদ মাধ্যমৰ,বিচাৰিছে ৰাইজৰ লগতে চৰকাৰৰ সাহাৰ্য।যদি কোনো সদাহয় ব্যক্তিয়ে শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে-তলত দিয়া একাউণ্ট নম্বৰ-35606526561 SBIN-0002050 দিব পাৰিব।

Related Articles