ধুবুৰীত দিল্লী আৰক্ষীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ

ধুবুৰী জিলা কংগ্ৰেছে আজি ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰৰ শোষণ আৰু দমনমূলক নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে ৰাইজৰ হৈ মাত মাতি থকাৰ বাবে কংগ্ৰেছ হাই কমাণ্ড ৰাহুল গান্ধীক এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ ভয় দেখুৱাই বহু বছৰৰ পুৰণি হেৰল্ড কাকতৰ ধন হৰলুকিৰ কেচত অত্যাচাৰ চলাই অহাৰ অভিযোগ উঠাইছে কংগ্ৰেছ দলে।কংগ্ৰেছ দলে বিজেপি দলৰ অপশাসন উদঙাই দিয়াৰ বাবেই এনে দমনমূলক নীতিৰে কংগ্ৰেছ দলৰ মুখ্য নেতাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও ব্যক্ত কৰে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা বিজেপি দলক এনে নিন্দনীয় কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে জিলা কংগ্ৰেছে। ইয়াৰ পছত দিল্লী আৰক্ষী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ কৰ্মী হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে আকশ বতাহ কপাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ যে বিজেপি চৰকাৰে এনে হিটলাৰী শাসন বন্ধ নকৰিলে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন বুলি হুংকাৰ প্ৰদান কৰে ধুবুৰী জিলা কংগ্ৰেছ কৰ্মী সকলে।

Related Articles