গৌৰীপুৰ আৰক্ষীৰ সফল অভিযান। চাৰি জুৱাৰীক আটক

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সফল অভিযান। চাৰি গৰাকী কৈ জুৱাৰীক আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰা কাৰ্যই গৌৰীপুৰত চলিছে সৰৱ চৰ্চা। গৰুৰ চোৰাং বেহা, ড্ৰাগছ, মদ – ভাং আদিৰ পাছত এইবাৰ আৰক্ষীৰ চকু জুৱাৰীৰ ওপৰত।গৌৰীপুৰৰ মলাতী খামাৰত দীৰ্ঘদিন ধৰি চলি আহিছিল অবাধ জুৱাৰ খেল। এক গোপন সূত্ৰৰ পমখেদি গৌৰীপুৰ থানাৰ আৰক্ষীৰ এক বৃহৎ সঁজাতীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ চাৰি গৰাকী কৈ জুৱাৰীক আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে। উক্ত জুৱাৰী কেইজন এলাপেচা ব্যক্তি নহয়।

এজন হৈছে ধুবুৰী E.N.D বিভাগৰ কৰ্মচাৰী তথা বৰাইবাৰী গাওঁৰ প্ৰাক্তন আঞ্চলিক সভাপতি মীৰ মনোৱাৰ হোসেন, আলমগঞ্জ ৰঙা মাটি অৱস্থিত দক্ষিণ শালমাৰা আই টি আইৰ কৰ্মচাৰী মনজুৰ আলী, শিক্ষক দুগৰাকী হৈছে গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেলৱাৰ হুছাইন আৰু প্ৰতাপগঞ্জ হাই স্কুলৰ শিক্ষক বিবেশ চন্দ্ৰ ৰায়। চৰকাৰী কৰ্মচাৰীৰ অসামাজিক কাম কাজক লৈ লজ্জানত কৰিছে সচেতন মহলক।

Related Articles