Breaking

কলিয়াবৰৰ ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ক্ৰীড়াৰ উত্তৰণত নৱতম সংযোজন । বিধায়কৰ চিগনেচাৰ আঁচনিৰ অন্তৰ্গত দুমহলীয়া পেভিলিয়নৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ।

0 1,072

কলিয়াবৰ : কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি. আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ এই ক্ৰীড়াঙ্গনত আজি প্ৰস্তাৱিত বিধায়কৰ স্বাক্ষৰ আঁচনিৰ দহ কোটি টকা ব‍্যয় সাপেক্ষ অত‍্যাধুনিক ফুটবল খেলপথাৰ আৰু পেভিলিয়ন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰ স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি স্থানীয় বিধায়কগৰাকীয়ে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ উন্নতিকল্পে ৫২ কোটি টকীয়া এক অভিলাষী আঁচনিৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। প্ৰাৰম্ভিক পৰ্য‍্যায়ত অসম চৰকাৰৰ বিধায়কৰ চিগনেচাৰ আঁচনিৰ নামত আৱণ্টিত ১০ কোটি টকাৰ জৰিয়তে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ আধুনিকীকৰণৰ কাম – সীমাৰ দেৱাল, ২ মহলীয়া পেভিলিয়ন, ওপৰ মহলাত দৰ্শকৰ বাবে ১৫০০ আসন সমৃদ্ধ গেলাৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত‍্যাধুনিক সুবিধালব্ধ খেলুৱৈ, খেল পৰিচালকৰ ড্ৰেছিং ৰুম, ব‍্যামাগাৰ, চিকিৎসকৰ চেম্বাৰ, দৃশ‍্য-শ্ৰাব‍্য তথা ভিডিঅ’ কন্‌ফাৰেন্সিং ব‍্যৱস্থা, কাৰ্য‍্যালয়, ফুটবল খেলাপথাৰ, ফেন্সিং, ফ্লাডলইটৰ ব‍্যৱস্থাকে ধৰি প্ৰাৰম্ভিক পৰ্য‍্যায়ত ১০ কোটি টকাৰ ব‍্যয় সাপেক্ষ আঁচনিৰ ৰূপায়ণ হ’ব। আজি খেলাপথাৰখনৰ আৰ্হি প্ৰস্তুতকাৰী জিতেন্দ্ৰ নাৰায়ণ খাটনীয়াৰ উপস্থিত থাকি প্ৰস্তাৱিত ষ্টেডিয়ামখনৰ ৰূপ-ৰেখা দাঙি ধৰে।

Leave A Reply