১ জুলাইৰ পৰা নিষিদ্ধ হ’ব একক ব্যৱহাৰ হোৱা প্লাষ্টিক।কি কি ব্যৱহাৰ কৰিব নোৱাৰিব…

১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব একক ব্যৱহাৰ হোৱা প্লাষ্টিক।সৰ্বমুঠ ১৯ প্ৰকাৰৰ সামগ্ৰী ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ।কি কি ব্যৱহাৰ কৰিব নোৱাৰিব?ভাৰতবৰ্ষত ১ জুলাইৰ পৰা একক ব্যৱহাৰ হোৱা প্লাষ্টিক সম্পূৰ্ণ ৰূপে নিষিদ্ধ হ’ব।পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জনাইছে যে চৰকাৰে প্লাষ্টিকৰ সামগ্ৰীৰ চিনাক্ত কৰা একক ব্যৱহাৰ নিষিদ্ধ কৰিব যিবোৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব।চৰকাৰৰ ফালৰ পৰা সৰ্বমুঠ ১৯ প্ৰকাৰৰ সামগ্ৰীৰ ওপৰত নিষিদ্ধতা আৰোপ কৰিছে।ভৱিষ্যতে এই তালিকাত আৰু বহুতো সামগ্ৰীৰ নাম সন্নিবিষ্ট হ’ব।

এই প্লাষ্টিকৰ ব্যৱহাৰৰ সলনি কাপোৰ বা কাগজৰ বেগ, বাঁহৰ চামুচ, মাটিৰ কাপ আদি বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব।কি কি ব্যৱহাৰ কৰিব নোৱাৰিব?বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, থাৰ্মোকল, প্লাষ্টিক প্লেট, কাপ, গ্লাছ, কাটলেৰী, কাটা চামুচ, চামুচ, ছুৰী, ষ্ট্ৰ’, ট্ৰে, মিঠাইৰ পেকেট মেৰিয়াই বা পেক কৰা প্লাষ্টিক, নিমন্ত্ৰণ পত্ৰ, চিগাৰেটৰ পেকেট, ১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ, কাণ খোচৰা লাঠি।

Related Articles