নগাঁৱৰ যুৱতীৰ শিলচৰত বানপীড়িতৰ মাজত সাহায্য বিতৰণ

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ এগৰাকী যুৱতী সক্ৰিয় কাৰ্যকৰ্তা সদস্যই শিলচৰ চহৰত আৱদ্ধ লোকক বান সাহায্য বিতৰণ কৰি সকলোৰে প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে ৷ বৰ্তমান সমগ্ৰ ৰাজ্যৰ সংহাৰী বানৰ কৱলত পৰি বৰাক উপত্যকাৰ সমগ্ৰ শিলচৰ চহৰত এইগৰাকী যুৱতী কাৰ্যকতাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বানত আৱদ্ধ শিলচৰ চহৰবাসীৰ মাজত কেইটাবাও স্বেচ্ছাসেৱী অনুষ্ঠান (Helping hand, Daman) আৰু শিলচৰ বিজেপি জিলা যুৱ মৰ্চাৰ সভাপতি অমিতেশ চক্ৰৱৰ্তী আৰু সম্পাদক শুভম ৰায় তথা অন্য কাৰ্যকতা সকলৰ লগত একগোট হৈ নিজা প্ৰচেষ্টাৰে শিলচৰ চহৰৰ নিজা গৃহত আৱদ্ধ লোক সকলৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থা কৰি আহিছে আজি কেইবাদিনো ধৰি ৷ বৰ্তমান শিলচৰ অসম বিশ্ববিদ্যালয়ত এক গৱেষণা বিষয়ত অধ্যয়নৰত নগাঁৱৰ বিজেপি যুৱ মৰ্চাৰ যুৱতী কাৰ্যকতা গৰাকীয়ে শিলচৰৰ বিভিন্ন প্ৰান্তত এনেদৰে বানত আৱদ্ধ লোকসকলৰ মাজত সাহায্য বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷

উল্লেখ যে,বিজেপি যুৱ মৰ্চাৰ যুৱতী কাৰ্যকতা গৰাকীৰ স্থায়ী গৃহ নগাঁৱৰ গোমোঠাগাঁৱত যদিও আজি তিনি বছৰৰ পৰা তেওঁ শিলচৰ চহৰত বসবাস কৰি আহিছে ৷ তেওঁ ভাড়াতীয়া হিছাপে থকা আৱাস গৃহও বৰ্তমান সংহাৰী বানৰ কৱলত পৰা পাছতো তেওঁ শিলচৰৰ আত্মীয় গৃহত থাকি বানত কৱ-ৱকাই থকা লোকসকলৰ বাবে যৎকিঞ্চিৎ সহায়ৰ হাত বঢ়াই যি মহানুভৱতাৰ পৰিচয় দিছে তাকলৈ এতিয়া বিজেপি যুৱ মৰ্চাৰ যুৱতী গৰাকীক সকলোৱে ভূয়সী প্ৰসংশা কৰিছে ৷

এগৰাকী যুৱতী হয়ো একলশৰে নিজা প্ৰচেষ্টাত এককাল পানীৰ মাজত বানত নিজ গৃহত আৱদ্ধ লোক সকলক এনেদৰে সহায়ৰ হাত আগবঢ়াই আহিছে ৷ এই সক্ৰীয় তথা সাহসী যুৱতী গৰাকীৰ নাম তনুজা নেওঁগ ৷ যুৱতী গৰাকীৰ চিকিৎসক স্বামী শৰৎ চন্দ্ৰই তেওঁৰ কাৰ্যত যথেষ্ট সহায় সহযোগীতা আগবঢ়াই আহিছে৷ ইয়াৰোপৰি তেওঁ পূৰ্বতে নগাঁও জিলা যুৱ মৰ্চাৰ লগত জড়িত থাকি নগাঁৱৰ বিভিন্ন অঞ্চলত বিভিন্ন সামাজিক সেৱা কৰি আহিছে।

Related Articles