ৰামদিয়াত বৰদৈচিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত মহৰ্ষি বিদ্যা মন্দিৰ বৰসজাই লালমাটিৰ সহযোগত বানসাহাৰ্য প্ৰদান

সম্প্ৰীতি বানপীড়িত লোকৰ মাজত ভিন্ন দল সংগঠন ব্যক্তি নিৰ্বিশে বানাক্ৰান্ত লোকৰ মাজত এমুঠি খাদ্য বস্ত্ৰ আৰু যাৱতীয় সামগ্ৰী প্ৰদান কৰি মানৱতাৰ এক নিদৰ্শন দাঙি ধৰি আহিছে। কৃষিনগৰী ৰামদিয়াৰ প্ৰতিটো প্ৰান্ত বানে ধুই নিয়াত এক বিভীষিকাময় অৱস্থাৰ সৃষ্টি হৈছে। আজি উক্ত ৰামদিয়াৰ ভিন্ন অঞ্চলৰ বানাপিড়িত লোকৰ মাজত ৰামদিয়াৰ অগ্ৰণী কৃষক সংগঠন বৰদৈচিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত আৰু মহৰ্ষি বিদ্যা মন্দিৰ( ৪নং ) বৰসজাই লালমাটিৰ সহযোগত বানসাহাৰ্য প্ৰদান কৰা দেখা যায় ।

বস্ত্ৰ ,গাখীৰ চিৰা বিস্কুট ,পানী মিঠাতেল,জীৱন দায়িনী ঔষধ ৰ লগতে কেইবাবিধ যাৱতীয় সামগ্ৰী প্ৰদান কৰা পৰিলক্ষিত হৈছে বানাক্ৰান্তৰ মাজত । বান সাহাৰ্য বিতৰণত বৰদৈচিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক দিনমণি কলিতা,মুখ্য কাৰ্যবাহী বিষয়া অনিৰুদ্ধ ডেকা ,মহৰ্ষি বিদ্যা মন্দিৰ বৰসজাই লালমাটিৰ শিক্ষকদ্বয় ভাস্কৰজ্যোতি ভট্টাচাৰ্য ,কৌশিক কলিতা ,প্ৰহ্লাদ ভৰালী ,সুৰজিত দাস ধ্ৰুৱজ্যোতি দাস, ৰাহুল চক্ৰবৰ্তী, বিতোপন দাস, জয়ন্ত ভৰালীকে ধৰি প্ৰায় সংখ্যক বিশিষ্ট ব্যক্তি ও ৰাইজ উপস্থিত থাকে।

হাজোৰ পৰা অনামিকা কলিতাৰ প্ৰতিবেদন

Related Articles