Breaking

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত যুৱ – ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

0 67

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা,অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপনৰ লগতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা আৰু বৃহৎ নদীবান্ধ বন্ধ কৰা আদিৰ দাবীত নাজিৰাৰ মাজমজিয়াত নাট্য মন্দিৰৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ,উপ সভাপতি দাদুল নেওঁগ,সম্পাদক পলাশ ৰাজকোঁৱৰ,সাংগঠনিক সম্পাদক অভিজিত গগৈ,সমাজসেৱা সম্পাদক ভাস্কৰজ্যোতি মহন্তৰ লগতে সমূহ আঞ্চলিক সমিতি উপস্থিত থাকি সহায় সহযোগ কৰে।

Leave A Reply