চাপৰত বোৱাৰী হত্যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

চাপৰত বোৱাৰী হত্যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। শতাধিক মহিলায় সাৱস্থ্য কৰিলে এই প্ৰতিবাদ।ৰাজ্যত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। ধুবুৰী জিলাৰ চাপৰত এক মাহত চিপ লৈ উদ্ধাৰ হয় দুজনীকৈ বোৱাৰীৰ মৃতদেহ।

যোৱা সোমবাৰ দিনা চাপৰৰ শ্ৰীগ্ৰাম ষষ্ট খণ্ড গাঁৱত উদ্ধাৰ হৈছিল আছফুল বিবিৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালৰ লোকে পৰিকল্পিত হত্যা বুলি দাবী কৰে। যাৰ পৰিপ্ৰেক্ষিতত শালকোচা উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাৰৰ ভিত্তিত স্বামী আব্দুল ৰহমানক ইতিমধ্যে জেল হাজোলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

কিন্তু এজাৰত উল্লেখিত আন তিনিজন আচামীক গ্ৰেপ্তাৰ নকৰাত জাঙুৰ খাই উঠে প্ৰতিবাদী মহিলাসকল। আৰক্ষীয়ে বৃহৎ ধনৰ বিনিময়ত স্বামী পৰিয়ালয়ক ৰক্ষণাবেক্ষণ কৰাৰ অভিযোগ। প্ৰতিবাদ স্থলীৰ পৰা প্ৰতিবাদকাৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰে।

Related Articles