নকছাৰিৰ খাটিসোণাত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মৰিয়নি থানা এলেকাৰ ডেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নকছাৰি খাটিসোণা এজন ব্যক্তিৰ বাৰীৰ এজোপা গছত ওলমি থকা অৱস্থাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৃতদেহটোৰ পৰা দুৰ্গন্ধ বিয়পি পৰাৰ মাজতে বধুবাৰে সন্ধিয়া স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত ডেবেৰ৷পাৰ চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰবিন্দ ঘোষ, মৰিয়নি থানাৰ আৰক্ষী বিষয়া ত্রিলোচন নাথ উপস্থিত হয়। উল্লেখ্য যে, উদ্ধাৰ হোৱা মৃতদেহটো যোৱা ২৪ জুনৰ নিশা খাটিসোণা অঞ্চলৰ এটা ইটাভাতাৰ শ্ৰমিক গৃহত পত্নী কন্যাসহ সোণটি বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত তৰুণ দাসৰ হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে।
কিন্তু এতিয়াও আৰক্ষী নিশ্চিত হ’ব পৰা নাই। সমগ্ৰ ঘটনাটো অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই।