নামখলা : দৰং জিলাত শুকুৰবাৰে ১৭ জনৰ দেহত ক’ভিড ধনাত্মকৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে৷ বৃহস্পতিবাৰে দৰঙৰ ২ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে পুনৰ ১৭ জন লোক আক্ৰান্ত হৈছে ক’ভিডত। আক্ৰান্ত লোকসকলৰ ভিতৰত এগৰাকী চিকিৎসক থকাৰ বিপৰীতে এগৰাকী আৰক্ষীৰ লোক, ৩জন জোৱান, দুগৰাকী বেংকৰ কৰ্মচাৰী আৰু এজন ডাকঘৰৰ কৰ্মৰত লোক আছিল। উল্লেখযোগ্য যে এই লোককেইজনক ধৰি এতিয়ালৈকে দৰঙত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে। আনহাতে ১৪৬ জন লোক চিকিৎসাধীন হৈ আছে। তেনে সময়তে নামখলাৰ বজাৰ চ’কত ক’ভিড ধনাত্মক পোৱাত আতংকিত হৈছে স্থানীয় ৰাইজ৷ কিয়নো নামখলা বজাৰ চ’কৰ প্ৰতিষ্ঠিত গেলামাল ব্যৱসায়ী তাৰেনী শইকীয়াৰ জেষ্ঠ পুত্ৰ ৰূপম শইকীয়াৰ দেহত পালে ক’ভিড পজিটিভ৷ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পোৱা মাত্ৰকে ৰূপম শইকীয়াক স্বাস্থ্য বিভাগৰ লোকে ক’ভিড হাস্পতাললৈ স্থানান্তৰিত কৰে৷ জানিব পৰা মতে ৰূপম শইকীয়া ব্যৱসায় সুত্ৰে গুৱাহাটীৰ ফাছীবজাৰ পৰা সঘনাই অহা যোৱা হৈ আছিল৷ আনহাতে সেই গেলামাল দোকানখনৰ লগত জড়িত হৈ আছে আন এখন হোটেল৷ ইফালে গেলামাল দোকানখনৰ পৰাই স্থানীয় সৰু বৰ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে খুচৰা আৰু পাইকাৰী হিচাপে৷ সেয়ে বৰ্তমান স্থানীয় ৰাইজ গণসংক্ৰমণৰ আশংকাত আতংকিত ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…