উজনি-মাজুলী : আছাম প্ৰেছ ক’ৰেচপণ্ডেণ্টছ ইউনিয়নৰ (আপকু) মাজুলী জিলা সমিতি আৰু মাজুলী জিলা উপায়ুক্তৰে মাজত বৃহস্পিতবাৰে অনুষ্ঠিত হয় এক সৌহাদ্যমূলক বৈঠক। উপায়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত বৈঠকত জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে নৰেন দাস, উৎপল দলে, মাজুলী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া ৰাজেন্দ্ৰ বৰুৱা মাজুলী জিলা আপকুৰ সভাপতি জীৱন বৰুৱা, সম্পাদক জ্যোতিষ কুমাৰ তামুলী, সহকাৰী সম্পাদক ভাস্কৰ বৰা, সদস্য পুলক শইকীয়া আৰু বিতু বৰা উপস্থিতিত অনুষ্ঠিত বৈঠকত উপায়ুক্তই আপকুৰ সংবাদিক সকলৰ সমস্যা সন্দৰ্ভত জানিব বিচাৰে। আপকুৰ সভাপতি জীৱন বৰুৱাই মাজুলীৰ আপকুৰ সতীৰ্থ সাংবাদিক সকলে মাজুলীৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত জিলাখনৰ পৰা বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন সময়ত সংবাদ পৰিবেশন কৰি দৈনন্দিন কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত ভোগ কৰি অহা নানান অসুবিধা আৰু সমস্যাৱলী সন্দৰ্ভত আৰু তাৰ সমাধানাৰ্থে আঠ দফীয়া এখন দাবী পত্ৰ পাঠ কৰি উপায়ুক্তৰ হাতত দাখিল কৰে। উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ এই সমস্যা সমূহ আন্তৰিকতাৰে হৃদয়ঙ্গম কৰে। আলোচনাত উপায়ুক্তই মাজুলীত তেখেতৰ তৰফৰ পৰা কৰিব পৰা খিনি কৰি দিয়াৰ লগতে সমস্যা সমাধানৰ আশ্বাস দিয়াৰ উপৰিও আন অসুবিধা সমূহ দূৰীকৰণৰ কাৰণে দাবী সমূহ অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। দাবী পত্ৰত মাজুলীৰ আপকুৰ সাংবাদিক সকলৰ লগতে অসমৰ সাংবাদিক সকলৰ কাৰণে অসম চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা জীৱন বীমা আঁচনি আৰু সাংবাদিকক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান আঁচনি দুখন সোনকালে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…