কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক ই ডিৰ চমন ৷
প্ৰতিবাদত উত্তাল বৰপেটা ৷
নেছনেল হেৰ’ল্ড গোচৰত কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীলৈ ই ডিয়ে চমন জাৰি কৰাৰ বিৰুদ্ধে আজি বৰপেটা জিলা কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

আজি বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে এক প্ৰতিবাদী সমদল উলিয়ায় কংগ্ৰেছ দলে ৷
বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত তিনি শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদী সমদলত অংশ লয় ৷
আৰক্ষীৰ বাধা নেওচি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা-কৰ্মীসকলে ৷
বিজেপি বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে ৷
বাইট: আব্দুৰ ৰহিম আহমেদ, বিধায়ক,বৰপেটা ৷
বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

