ধুবুৰীত ছোনীয়া গান্ধীক ED’ৰ চমনক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো শ’শ কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি ছোনীয়া গান্ধীক ED’ৰ চমনক কেন্দ্ৰ কৰি ধুবুৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ধুবুৰী উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত প্ৰতিবাদী সমদলত ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছ নেতাৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি ছামছুল হক, গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুছ ছোবান আলী সৰকাৰ , জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবি বেগমকে ধৰি কংগ্ৰেছৰ দলীয় পদবীত থকা কংগ্ৰেছ নেতা সকলৰ লগতে উপস্থিত থাকে শ’শ কংগ্ৰেছ কৰ্মী সকল।

ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

Related Articles