কৃষ্ণাই আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগচ সহ আটক এজনক…

সমগ্ৰ ৰাজ্যখনতে চলিছে মাৰাত্মক ড্ৰাগচৰ বিৰুদ্ধে অভিযান। সমান্তৰাল ভাৱে গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ড্ৰাগচৰ ওপৰত চলাইছিল বিনিদ্ৰ অভিযান। এই অভিযানত কৃষ্ণাইৰ ঝৰাবড়ীত এজন ড্ৰাগচ সৰবৰাহ কাৰীৰ আটক কৰাৰ লগতে ১২৫ গ্ৰাম হিৰোইন আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আটকাকৃত হিৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ছয় লক্ষাধিক হ’ব।

উল্লেখ্য যে ধৃত ড্ৰাগচ ব্যৱসায়ি জন মানকাচাৰ জিলাৰ ফকিৰগঞ্জৰ যুৱক নুৰুল হক। ড্ৰাগচ খিনি AS -13F-4252- নম্বৰৰ বাহন খনেৰে লৈ অহা অৱস্থাত কৃষ্ণাই আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি হিৰোইন খিনি জব্দ কৰিবলৈ সক্ষম হয়।


Related Articles