লাহৰীঘাটৰ নগাবন্ধাত দূৰ্বিত্তৰ দ্বাৰা খাদ্যত নিচাযুক্ত দ্ৰব্য মিলোৱাত গোটেই পৰিয়াল অচেতন। বৰ্তমান এজন আই চি ইউত ভৰ্তি…

মৰিগাঁও জিলাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ আব্দুৰ ৰৌফৰ ঘৰত যোৱা নিশা কোনো অজ্ঞাত দূৰ্বিত্তই হয়তো চুৰি বা ডকাইতি কৰাৰ লক্ষৰে নিশা খিৰিকীৰে তৰকাৰীত নিচাযুক্ত দ্ৰব্য মিহলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

নিশা পৰিয়ালৰ লোকে ৰাতিৰ আহাৰ খোৱাৰ ফলত সকলোৱেই অচেতন হৈ পৰে। বহু সময় পিছত স্হানীয় ব্যক্তি সকলে গম পাই চিকিৎসাৰ বাবে নগাঁও ডিউ কেয়াৰ ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰে। সম্প্রতি জানিব পৰা মতে আব্দুৰ ৰৌফ আই ছি ইউত চিকিৎসাধীন হৈ আছে। এই সংক্ৰান্তত পৰিয়ালৰ লোকে বৰছলা আৰক্ষী চকীত জনোৱাৰ পিছত আৰক্ষীয়ে ঘটনা স্হলী পৰ্যবেক্ষণ কৰে।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Related Articles