ধুবুৰীৰ কাছাৰি ঘাটত থকা ভাৰত ৰত্ন সকলোৰে জনপ্ৰিয় ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত আজি ধুবুৰীৰ অয়ৰান জংলা প্ৰথম খণ্ড গাঁওৰ বাসিন্দা তথা আজিজুল পাগলে প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত আবৰ্জনাৰে আবৰি থকাৰ দৃশ্যৰ প্ৰতি লক্ষ্য কৰি এই গৰাকী আজিজুল পাগলে হতভম্ব হৈ পৰে। দৰাচলতে অসমৰ হীৰা বুলি কব পৰা ডঃ ভূপেন হাজৰিকা যাৰ গুনৰ কোনো শেষ নাই , হয় ১৯২৬ চনত ৮ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰিছিল আৰু ২০১১ চনৰ ৫ নবেম্বৰত মৃত্যু বৰণ কৰিছিল এইগৰাকী ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাই ।
বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰা প্ৰয়াত এই গৰাকী বিশিষ্ট ব্যক্তি তথা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ “গোলাপ উদ্যান ” লগতে তেওঁৰ ২০১৪ চনত প্ৰতিমূৰ্ত্তি ধুবুৰীৰ বন বিভাগৰ বাংলা আৰু জিলা উপায়ুক্তৰ বাংলাৰ মাজত শুভ উন্মোচন কৰিছিল ধুবুৰী জিলাখনৰ উপায়ুক্ত কুমুদ চন্দ্ৰ কলিতা দেবে । উল্লেখ যে, তেওঁৰ প্ৰতিমূৰ্ত্তিত অপৰিস্কাৰ হৈ থকা দৃশ্য কাৰোবাৰ দুচকুত নপৰিলেও এই গৰাকী আজিজুল পাগলে নিজৰ ঘোঁৰাৰ পিঠিত উঠি সফৰ কৰাৰ সময়ত চকুত পৰিল ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত অপৰিস্কাৰৰ দৃশ্য । ইয়াৰ পাছত নিজৰ গামোচাৰে সুন্দৰকৈ পৰিস্কাৰ কৰি এক মানৱতাৰ পৰিচয় দাঙি ধৰিলে ধুবুৰীৰ অয়ৰান জংলা প্ৰথম খণ্ড গাঁওৰ বাসিন্দা আজিজুল পাগলে।

