গুৱাহাটী : টকা নাই ! বানাক্ৰান্তক সাহাৰ্য দিব লাগিব ৰাইজেই। আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰজন দুৰ্গতৰ মুখত হাঁহি। ঠিক এইদৰে জনোৱা হৈছে আহ্বান। এফালে মুখ্যমন্ত্ৰীৰ হাস্যময়ী ফটো,আনফালে জনসংযোগ বিভাগৰ লগ’ সহ সচিবালয় শাখাত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বেংক একাউণ্ট নম্বৰ। অতি পৰিকল্পিত আৰু নিখুঁত ভাবে প্ৰস্তুত কৰা বিজ্ঞাপনটো আকৌ প্ৰচাৰ কৰা হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ হাততে থকা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা।বিভিন্ন জনৰ হাত বাগৰি ছ’চিয়েল মিডিয়াত ব্যাপক ভাৱে প্ৰচ্চলন হোৱাৰ পিছত চকু পৰিল জনসংযোগ বিভাগৰ।লগেলগে এই বিজ্ঞাপনটোযে আচল নহয়, এক ভূৱা বিজ্ঞাপনহে,জনসংযোগে স্পষ্ট কৰিলে।বিভাগীয় ভাবে দায়িত্ব পালন কৰি জনসংযোগে স্পষ্ট কৰিলেও দুষ্ট চক্ৰৰ অপপ্ৰচাৰে ইতিমধ্যে বহু দূৰ শিপালেগৈ।ডিজিটেল যুগত সকলোৰে হাতে হাতে থকা স্মাৰ্টফোনত বিয়পি পৰিচে এই অপপ্ৰচাৰ।কিন্তু কোনে চলাইছে এই অপপ্ৰচাৰ ? ৰাজনৈতিক কাৰণত নে মুখ্যমন্ত্ৰীৰ ভাৱমুৰ্তী নাশ কৰিবলৈ,চৰকাৰখনৰ ব্যৰ্থতা উদঙাই দূৰৰ পৰা ৰং চাবলৈ কৰা হৈছে অপচেষ্টা?ৰাইজ এতিয়া বিভ্ৰান্ত।ডিজিটেল ব্যৱস্থাৰ সুযোগ লৈ বহুতে লেকাম নথকা ছ’চিয়েল মিডিয়াত বিভিন্ন উৰা-বাতৰি,অপ-প্ৰচাৰ চলাই আহিছে।আইনে ঢুকি পোৱাৰ আগতেই অপপ্ৰচাৰ চলোৱা পক্ষ আত্মগোপন কৰিবলৈ সক্ষম হৈছে।কংগ্ৰেছৰ আমোলত বিসম্বাবৰ সময়ত একাংশই তেতিয়াৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজনৈতিক উচ্চাকাংক্ষী ঘনিষ্ঠৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অহৰহ অপ-প্ৰচাৰ চলাইছিল।সেইচক্ৰটো এতিয়া কংগ্ৰেছ এৰি শাসকীয় পক্ষত আছে।গতিকে ৰাইজে এনে অপ-প্ৰচাৰ তথা ভুৱাসংবাদৰ বাবে সকলো পক্ষকে সন্দেহ কৰিছে,শাসক আৰু বিৰোধী দুয়োপক্ষকে।দোষীক বিচাৰি উলিওৱাৰ ভাৰ চৰকাৰৰ হাততে আছে।চৰকাৰেই ৰাইজক আশ্বস্ত কৰিব লাগিবযে মুখ্যমন্ত্ৰীৰ নামত অপ-প্ৰচাৰ চলোৱা পক্ষ কাৰ দ্বাৰা আৰু কি উদ্দেশ্যৰে পৰিচালিত হৈছে,সেই কথা।লগতে তথ্য আৰু জনসংযোগ বিভাগৰো দায়িত্ব বাঢ়িৰ।ফেইক নিউজ বুলি কৈয়েই দায়িত্বৰ ইতি নেপেলাই নিজ চৰকাৰ আৰু বিভাগীয় মুৰব্বীৰ বিৰুদ্ধে চলা এনে অপপ্ৰচাৰৰ আঁৰৰ ৰহস্য উদঙাই দিব লাগিব।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…