সোণতলী : এফালে কোৰোণাৰ আতংক আনফালে ৰাজ্যত বানৰ কৱলত লাখ লাখ জনতা৷ ৰাজ্যৰ দ্বিতীয়টো বান পৰিস্থিত কিছু পৰিমানে হ্ৰাস পাইছে যদিও পুনৰ বাঢ়নি পানীয়ে নৈ আৰু ইয়াৰ উপনৈ সমূহ উফন্দি উছিছে৷ লকডাউনে দুখীয়াৰ অৱস্থা জুৰুলা কৰাৰ বিপৰিতে প্ৰৱল বানপানীয়ে নৈপৰীয়া ৰাইজৰ অৱস্থা অধিক জুৰুলা কৰি পেলাইছে৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ সোণতলীত বিগত কেবাবছৰ ধৰি চলি থকা লুইতৰ খহনীয়াই হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ গৈছে৷ প্ৰলয়ংকাৰী বানে অনেক পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে৷ উল্লেখ্য যে, ইতিমধ্য হৈ যোৱা বানপানীয়ে সোণতলীৰ এলেকাধীন পানীখাইতী গাঁৱৰ এগৰাকী অসহায় মহিলাৰ সপোনৰ ঘৰখন উটাই লৈ যোৱাত মহিলাগৰাকীয়ে তিনিজনী কন্যা সন্তান লৈ পানীখাইতী গড়কাপ্তানী পথত আশ্ৰয় লৈছে৷ ৰ’দে-বৰষুণে, ভোকে-লঘুণে নিদ্ৰা-অনিদ্ৰায় জীৱন অতিবাহিত কৰিছে৷ স্বামীৰ মৃত্যুৰ পিছত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা মহিলাগৰাকীৰ খবৰ পাই স্থানীয় স্বেচ্ছাসেৱী সংগঠন ‘চৰ-চাপৰি যুৱ ঐক্য মঞ্চ’ৰ বিষয়-ববীয়াই মহিলা গৰাকীৰ এসপ্তাহৰ বাবে খাদ্য-সামগ্ৰী যোগান ধৰাৰ উপৰিও সামাজিক মাধ্যম ফেচবুকত মহিলাগৰাকীক সহায় কৰিবলৈ অনুৰোধ জনায়৷ ফেচবুকত ভাইৰেল হৈ পৰা মহিলাৰ দুৰ্দশাৰ খবৰ পাই সোণতলীৰ এজন সচেতন যুৱক তথা মাহতলী গাঁও পঞ্চায়ত সমন্বয়ক মশ্বিৰুল হকে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে৷ মশ্বিৰুল হকে ব্যক্তিগতভাৱে মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে৷ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ সহযোগিতাত মশ্বিৰুল হকে মহিলাগৰাকীক প্ৰায় দহ দিন চলিব পৰাকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে৷ ইপিনে সামাজিক মাধ্যমৰ জড়িয়তে চৰকাৰক খহনীয়া সমস্যা সমাধান কৰাৰ উপৰিওঁ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ লগতে গৰাখহনীয়াত গৃহহীন হোৱা লোকক পুনৰ সংস্থাপনৰ দিবলৈ আহ্বান জনায় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…