বিশিষ্ট সাংবাদিক ড° নৰেন হাজৰিকাৰ গ্ৰন্থলৈ অসম কলা কৃষ্টি পৰিষদৰ বটাঁ

অসমৰ সাহিত্য সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাবে অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ প্ৰতিবছৰে অসমৰ এক অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান অসম কলা কৃষ্টি পৰিষদে বটাঁ প্ৰদান কৰি আহিছে লগতে বছৰটোৰ এখন গ্ৰন্থক শ্ৰেষ্ঠ বিবেচনা কৰি বটাঁ প্ৰদান কৰি আহিছে৷ এই বৰ্ষত শ্ৰেষ্ঠ গ্ৰন্থ হিছাপে বিবেচিত হোৱা বিশিষ্ট সাংবাদিক,লেখক ড° নৰেন হাজৰিকাক তেওঁৰ গ্ৰন্থ “বিহঙ্গম দৃষ্টিৰে নাট শিল্প আৰু অন্যান্য” ৰ বাবে আজি গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ১ বজাত আনুষ্ঠানিকভাবে বটাঁ প্ৰদান কৰা হয়৷বটাঁ প্ৰাপক নৰেন হাজৰিকাক আনুষ্ঠানিকভাবে বটাঁ প্ৰদান কৰে অসম কলা কৃষ্টি পৰিষদৰ সভাপতি ৰাজীৱ আহমেদ আৰু সম্পাদক ড° মৃদুল হাজৰিকাই৷

বটাঁত আছে চেলেং চাদৰ,সম্বৰ্দ্ধনা পত্ৰ গ্ৰন্থৰ টোপোলা,ট্ৰফি আৰু নগদ ধন৷অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা নেমকেয়াৰ হস্পিতালৰ সঞ্চালক তথা সংগীত পৰিচালক ডা° হিতেশ বৰুৱা,প্ৰাক্তন আৰক্ষী বিষয়া প্ৰদীপ শালৈ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড° সুচিত্ৰা কাকতি,দৈনিক অসম কাকতৰ কাৰ্যকৰী সম্পাদক দিলীপ মহন্ত,লেখক অধিবক্তা ড° ৰোমান শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে চমু বক্তব্য দাঙি ধৰে৷অনুষ্ঠানত কবিতা পাঠ কৰে লেখক চিত্ৰ পৰিচালক নিমানন্দ দাসে৷অনুষ্ঠানটি সামগ্ৰিকভাবে পৰিচালনা কৰে জুৱেল হক চৌধুৰীআৰু পুস্পা শইকীয়াই৷অনুষ্ঠানটি সঞ্চালনা কৰে ৰাজীৱ আহমেদে আৰু আত ধৰে বিশিষ্ট অভিনেতা দিলীপ বৰুৱাই৷

Related Articles