ওৰাং : ওৰাং আৰু মাজবাটত পৃথকে পৃথকে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পৃথকে পৃথকে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। মাজবাটৰ আদৰ্শ বাহাদুৰ গাঁৱৰ পৰা ৫৫ কিলোগ্ৰাম গাঞ্জাসহ ইলিয়া দৈমাৰী নামৰ এজন লোকক আটক কৰে মাজবাট আৰক্ষীয়ে। ইফালে বুধবাৰে দিনৰ ভাগত ওৰাঙতে গাঞ্জাসহ এজন লোকক আটক ওৰাং আৰক্ষীয়ে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ওৰাং আৰক্ষীয়ে জব্দ কৰে ৩০ কিলোগ্ৰাম গাঞ্জা। অভিযান কালত ৬ পেকেট গাঞ্জা সহ আতক কৰে ৰুবুংচা বড়ো নামৰ এজন লোকক। AS 01 DN 5657 নম্বৰৰ এখন বিলাসী বিলেনু বাহনৰ পৰা জব্দ কৰে গাঞ্জাখিনি। ওৰাং আৰক্ষীয়ে আটক কৰা লোকজন ওদালগুৰিৰ ১ নম্বৰ সাপকাতিৰ বুলি জানিব পৰা গৈছে। গাঞ্জাসহ দুজন লোকক আটক কৰা ঘটনাৰ সন্দৰ্ভত ওৰাং আৰু মাজবাট আৰক্ষীয়ে ৰজু কৰিছে গোচৰ। ইফালে মাজবাট আৰক্ষীয়ে ইলিয়া দৈমাৰীৰ লগত গাঞ্জা সৰবৰাহত জড়িত থকাৰ সন্দেহত মাজবাটৰ নাও হৰুৱা গাঁৱৰ বিলিয়ন দৈমাৰী নামৰ আন এজন লোককো আটক কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…