নগাঁও : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি নগাঁৱৰ কৃষ্ণাইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। কৃষক নেতা গৰাকীক বিনাচৰ্তে মুক্তিৰ দাবীত নগাঁও বাইপাচৰ কৃষ্ণাইখাটৰ অংশত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়িত মানৱ শৃংখল কাৰ্যসূচীত হাতে হাতে বেনাৰ ফেষ্টুন লৈ সামাজিক দtৰত্ব বৰ্তাই কৃষক মুক্তিৰ সদস্য সকলে অখিল গগৈৰ মুক্তিৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে ৰূপায়ণ কৰা মানৱ শৃংখল কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰা প্ৰমুখ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সদস্যই অংশগ্ৰহণ কৰে। চৰকাৰৰ দুৰ্নীতি আৰু অনিয়মৰ মুখা খোল খোৱাৰ ভয়তেই অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সম্পাদক গৰাকীয়ে মন্তব্য কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কষ্ট কৰাৰ প্ৰয়োজন নাই! যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰাতি শোৱাৰ পূৰ্বে কৰক এই সমূহ কাম…
- ভাৰতীয় শ্বেয়াৰ বজাৰৰ লেহেমীয়া গতিৰ বাবে এই কোম্পানীসমূহ লোকচানৰ সন্মুখীন…
- গ্ৰীষ্মকালত কেঁচা আম খোৱাৰ আছে ৬ টা উপকাৰ! হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে অমৃত…
- চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটী আৰোহী…
- ৩০ বছৰ বয়সত মাতৃ নোহোৱা, নিজৰ ওপৰতে খং; ক’লে ৩০ বছৰ বয়সত মাতৃ হ’ব নোৱাৰাৰ বহু কথা ডিয়া মিৰ্জাই…
- দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফী ! বতৰৰ বিঘিনিৰ বাবে এই সিদ্ধান্ত BCCIৰ…
- কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা ! বড়ো জাতীয় সংগঠনৰ উদ্যোগত শিয়ালমাৰীত ১৭ সংখ্যক মধ্য জোনাই ৰংজালি বৈসাগু সন্মিলন আৰম্ভ…
- পাকিস্তান অধ্যুষিত কাশ্মীৰত জনতাৰ প্ৰতিবাদ! ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। বন্ধ বজাৰ, বিদ্যালয়; কাৰ্যালয়…
- পিয়াং চাপৰিত বিশুদ্ধ খোৱা পানীৰ নামত দুৰ্নীতি-অনিয়মৰ অভিযোগ ভুক্তভোগী ৰাইজৰ…
- কোনোবাই সুধিলে স্বৰ্গ ক’ত? হাঁহি হাঁহি ক’লোঁঃ যাৰ ঘৰত মাক আছে, সেই ঠাইখনেই স্বৰ্গ! পঢ়া-শুনা বা চাকৰিৰ বাবে মাতৃৰ পৰা আঁতৰি থাকে নেকি? তেন্তে এই বাৰ্তা মাতৃলৈ…