উজনি-মাজুলী : মাজুলীৰ শেহতীয়া বান-পৰিস্থিতিৰ বুজ ল’বলৈ কালি নদীদ্বীপ জিলাখনলৈ আহে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। আগবেলাৰ ভাগতে জিলা সদৰ গড়মূৰত উপস্থিত হৈ মন্ত্ৰী দলে প্ৰথমে জলসম্পদ বিভাগৰ অতিথিশালাত মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ পৰা জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতি, বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ লগতে মঠাউৰিসমূহৰ অৱস্থাৰ বিষয়ে বুজ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰৰ বাৰিষাৰ সময়ছোৱাৰ বাবে মাজুলী জিলাৰ বান-পৰিস্থিতি সন্দৰ্ভত নজৰ ৰখাৰ বাবে জিলাৰ তত্বাৱধায়ক মন্ত্ৰীৰ বিশেষ দায়িত্ব ন্যস্ত কৰা মন্ত্ৰী দলেই ইয়াৰ পাছতে নামনি মাজুলীৰ কৰতিপাৰ হাইস্কুলত জিলা প্ৰশাসনে স্থাপন কৰা বান-সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰে। উপায়ুক্ত কৈৰীৰ লগতে দেউৰি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথৰ সৈতে শিবিৰটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শিবিৰাৰ্থী বান-দুৰ্গত লোকসকলৰ সৈতে মত বিনিময় কৰে। শিবিৰত প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকলৈ আগবঢ়োৱা সা-সুবিধাৰ বিষয়েও মন্ত্ৰী দলেই শিবিৰাৰ্থীসকলৰ পৰা বুজ লয়। ইয়াৰ পাছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী দলেই টুনী মঠাউৰি পৰিদৰ্শন কৰি মাজগাঁও আৰু সোণাৰীবাৰীত মঠাউৰিত আশ্ৰয় লৈ থকা বান-ভগনীয়া পৰিয়ালসমূহৰ খবৰ লয়। মন্ত্ৰীগৰাকীয়ে বানৰ বাবে বৰ্তমান মঠাউৰিতে থাকিব লগা হোৱা লোকসকলৰ সৈতে দুয়ো ঠাইতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। বন্যাৰ্তৰে মত বিনিময়ৰ সময়তে মন্ত্ৰীগৰাকীয়ে মাজুলীত মঠাউৰিৰ বাহিৰ অংশৰ গাঁওসমূহৰ বাসিন্দাৰ লগতে মঠাউৰিপৰীয়া লোকসকলে যাতে বাৰিষাৰ সময়ত আশ্ৰয় ল’বলৈ সুবিধা হয়, তাৰ বাবে এইবাৰৰ পৰা মঠাউৰিৰ দাঁতিত ঠায়ে ঠায়ে নিৰ্মাণ কৰা ওখ ভেটিসমূহ মঠাউৰিৰ উচ্চতাৰ সমানকৈ ভালদৰে নিৰ্মাণৰ লগতে বন্যাৰ্ত ৰাইজে বাৰিষাকালীন ব্যৱহাৰ কৰিব পৰাকৈ স্নানাগাৰ-শৌচাগাৰৰ ব্যৱস্থা কৰিবলৈ জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিয়ে। এইবাৰৰ বানপানীৰ অভিজ্ঞতাৰ আধাৰত এই ওখ ভেটিসমূহ আৰু ওখকৈ তথা ভালদৰে নিৰ্মাণৰ দিশটো তদাৰক কৰিবলৈ উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক দায়িত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে টুনী মঠাউৰিত আশ্ৰিতসকলক দেখা কৰা পাছত বনগাঁৱৰ মেৰাগড় অংশত ব্ৰহ্মপুত্ৰ মঠাউৰিৰ শেহতীয়া অৱস্থা পৰ্যবেক্ষণ কৰে। এইবাৰত দ্বিতীয়টো বানত ভাবুকিৰ সন্মুখীন হোৱা মঠাউৰিৰ এই অংশটো পুনৰ মেৰামতিৰে সবল কৰি তুলিবলৈ জলসম্পদ বিভাগে ইতিমধ্যে লোৱা কাৰ্য ব্যৱস্থা পৰিদৰ্শন কৰি মন্ত্ৰী দলেই জলসম্পদ বিভাগক জিলাখনৰ প্ৰতিটো মঠাউৰি শংকামুক্ত কৰি ৰাখিব পৰাকৈ জৰুৰী ব্যৱস্থা লোৱাৰ লগতে নিৰন্তৰ মঠাউৰিৰ প্ৰতিটো অংশতে নজৰ ৰখাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীৰ পৰা মাজুলীৰ মঠাউৰিসমূহৰ সুৰক্ষাৰে জড়িত দিশসমূহৰো বুজ লয়। বিয়লি মন্ত্ৰীগৰাকীয়ে গড়মূৰৰ জলসম্পদ অতিথিশালাত পুনৰ কিছু সময়ৰ বাবে উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে জিলাখনৰ বান-পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ অন্তত মাজুলীৰ পৰা ঢকুৱাখনা অভিমুখে ৰাওনা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…
- যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…
- ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…
- আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…
- পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…