নলবাৰী : বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি কৰণা ভাইৰাচৰ সন্ত্ৰাস অব্যাহত আছে। বিশ্বৰ আটাই দেশসমূহৰ ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ৰাজ্যৰ জিলা সমূহত এতিয়া কৰণা ভাইৰাছ সন্দৰ্ভত ল’বলগীয়া সাৱধানতাৰ ওপৰত চৰকাৰ প্ৰশাসনৰ লগতে সচেতন ৰাইজে সামাজিক দূৰত্ব বজাই ৰাখি সজাগতা মূলত সভা অনুষ্ঠিত কৰাত পৰিলক্ষিত হৈছে। সেই মৰ্মে নলবাৰী জিলাৰ ৰাজনগৰৰ ৰাইজক সজাগ কৰিবলৈ আজি নলবাৰী চহৰৰ ১১ নং ৱাৰ্ড দক্ষিণ ৰাজনগৰ অঞ্চলৰ বাসিন্দাসকলে বৰ্তমান নলবাৰী চহৰৰ কʼৰণা সংক্ৰমণ পৰিপ্ৰেক্ষিতত উদ্বিগ্নতা প্ৰকাশ কৰে। বৰ্তমান কʼৰণাৰ পৰিস্থিতিত সামাজিক সচেতনতাৰ গুৰুত্ব উপলব্ধি কৰি এই অঞ্চলৰ ৰাইজক ঐক্যবদ্ধভাৱে কʼৰণাৰ বিৰুদ্ধে যুঁজৰ সংকল্প লয়। নলবাৰী দক্ষিণ ৰাজনগৰ উন্নয়ন কমিটীৰ বীৰেশ মল্ল বৰুৱা আৰু গাওঁবুঢ়া কমল বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সজাগতা সভাত সমাজৰ গণ্য মান্য ব্যক্তি পৰেশ বৰ্মন, দেবাশীষ দত্ত, নিপন মজুমদাৰ, হিৰণ্য শৰ্মা আদিক লৈ সামাজিক দূৰত্ত্ব বজায় ৰাখি এখন সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য বাখ্যা কৰি এই কৰণা ভাইৰাছৰ পৰা কেনেদৰে হাত সাৰিব পাৰি সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ জেষ্ঠ কাৰ্যালয় সহায়ক তথা সমাজ সেৱিকা বিভা দত্তই। উল্লেখ্য যে পৰবৰ্তী সময়ত কʼৰণা সংক্ৰান্তত হ’ব পৰা যিকোনো সমস্যাৰ পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা আগবঢ়াবলৈ এখন কমিটী গঠন কৰি দিয়া হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ
- মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…
- পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…
- ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…
- চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…