ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰ আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ দুই চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি আয়োজিত সুকীয়া সুকীয়া অনুষ্ঠানত ঢকুৱাখনা ৰাজহ চক্ৰ আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন লাটৰ মুঠ ১১০ গৰাকী চৰকাৰী লাট গাঁওবুঢ়াক অসম চৰকাৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা স্মাৰ্ট ফোন আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। চৰকাৰী গাঁওবুঢ়া সকলৰ কাৰ্য পৰিচালনাত যথেষ্ট সহায়ক হোৱাকৈ প্ৰদান কৰা এই স্মাৰ্ট ফোন বিতৰণৰ শুভাৰম্ভ কৰে-ঢকুৱাখনাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে।আজিৰ এই স্মাৰ্ট ফোন বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী-মঞ্জু বৰগোঁহাই, ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, ঢকুৱাখনাৰ চক্ৰ বিষয়া অপূৰ্ব নাথ, সোৱণশিৰীৰ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অন্যহাতে এই অনুষ্ঠানতে সাম্প্ৰতিক ‘কভিড-১৯’ৰ জটিল পৰিস্থিতিত মাস্ক প্ৰস্তুত কৰি ৰাইজলৈ সহায় আগবঢ়োৱা ঢকুৱাখনাৰ পাঁচটাকৈ মহিলা আত্মসহায়ক গোটলৈ মাননি আগবঢ়োৱা হয়। লগতে ক’ভিড-১৯ সৃষ্ট সাম্প্ৰতিক পৰিস্থিতিত আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা ঢকুৱাখনাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰূপ চৰ্চা কৰ্মী আৰু ক্ষৌৰ কৰ্মী সকলক আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত উপস্থিত থাকিব নোৱাৰা সকলকো আজি নিজাকৈ আৰ্থিক সাহায্য আগবঢ়াই বিধায়ক নৱ কুমাৰ দলেয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ