দলগাওঁ : দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত উলুবাৰীত জুৱাৰ বিৰুদ্ধে “দ্যা হিলছ টাইমচ্ৰৰ মঙলদৈ ষ্টেচন সাংবাদিক আবুল খায়েৰে বাতৰি সংগ্ৰহ কৰিব যোৱাত ৪ নং বৰুৱাঝাৰ গাৱঁৰ চোলতান আলীয়ে সাংবাদিক জনক অশ্লীল গালি গালাজ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। লগতে প্ৰাণে মাৰাৰ ভাবুকি দিয়ে সাংবাদিকজনক ৷ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জীৱন ৰক্ষা পৰে সাংবাদিক জনৰ। ঘটনা সংক্ৰান্তত আক্ৰান্ত সাংবাদিক জনে দৈপাম আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে যদিও কোনো গুৰুত্ব নাই প্ৰশাসনৰ। ইফালে সাংবাদিক নিগ্ৰহৰ ঘটনাক দৰং জিলাৰ সাংবাদিক মহলৰ লগতে তীব্র নিন্দা কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, মুছলিম ছাত্র সন্থাৰ সভাপতি জালাল উদ্দিন, ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে। উল্লেখ্য যে ২৪ জুলাইত দৰং জিলা আৰক্ষী অধীক্ষকে দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত উলুবাৰী গাঁৱত অনুষ্ঠিত এক বৃহৎ জূৱাখেল উচ্ছেদ কৰিবলৈ গৈছিল৷ জুৱা খেল উচ্ছেদ কৰা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আবুল খায়েৰক জুৱাৰীয়ে আক্ৰমণ কৰে৷ উক্ত ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত এজাহাৰ দিয়া হৈছে যদিও এতিয়া পৰ্যন্ত কোনো জুৱাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ কিছুদিন ধৰি দৈপাম আৰক্ষী চকীৰ লগতে জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত গাওঁ সমূহত বৃহৎ বৃহৎ জুৱাখেলৰ ঘাটি সমূহ স্থাপন হৈছে৷ জুৱাৰী সকলৰ ভাস্যমতে আৰক্ষী প্ৰশাসনৰ লগতে একাংশ সংগঠনৰ ওপৰ মহলৰ লগত গোপন বুজাবুজিৰ বাবেই কাকো কেৰেপ নকৰি মুকলিকৈ চলাই আছে অবৈধ জুৱা। তাৰ ফলস্বৰূপেই জুৱাৰীয়ে সাংবাদিকক আক্ৰমণ কৰিবলৈ সাহস পাইছে৷ দৰং জিলাত মুকলিকৈ চলি থকা অবৈধ জুৱা খেলৰ লগত আৰক্ষীৰ কিবা গোপন বুজা বুজি আছে নেকি স্পষ্ট কৰি আৰক্ষীৰ স্বচ্ছ ভাৱমূৰ্তি অটুট ৰাখা, সাংবাদিকক আক্ৰমণ কৰা দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰা, দলগাঁও সমষ্টিকে ধৰি সমগ্ৰ দৰং জিলা জুৱাখেল মুক্ত কৰা আদিৰ দাবীত সদৌ অসম সাংবাদিক সন্থাৰ দৰঙ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰৱন কুমাৰ ঝা আৰু সাধাৰণ সম্পাদক মজিবুৰ ৰহমান স্বাক্ষৰিত এখন স্মাৰক পত্ৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে। আনহাতে উক্ত কাৰ্য্য সংঘটিত কৰা জুৱাৰী চোলতান আলীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সভাপতি নুৰ ইছলাম, সাধাৰণ সম্পাদক বাহাৰুল আমিন আৰু সাংগঠনিক সম্পাদক আব্দুল জলিলে দলগাও আৰক্ষী বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…