সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে দুটাকৈ চাঞ্চল্যক ঘটনা সংঘটিত হয়৷ তাৰে এটা হ’ল লোমহৰ্ষক হত্যাকাণ্ড আনটো হ’ল ডকাইতি কাণ্ড৷ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই সোণতলীৰ পল্লীমঙ্গলত সংঘটিত হয় আন এক ডকাইতি কাণ্ডৰ ঘটনা৷ জানিব পৰা মাতে, সোণতলী আৰক্ষী চকীৰ এলেকাধীন বৰ আৰিকাটি গাঁওনিবাসী ৰবিউল হুছেইনে সোণতলী বজাৰত থকা তেওঁৰ দোকানৰ পৰা নগধ ৩০ হাজাৰ টকা লগত লৈ ঘৰলৈ ওভতাৰ পথত পল্লীমঙ্গল চাৰিআলি চকত একেখন গাঁৱৰে বছিৰ উদ্দিন নামৰ ডকাইত জনে ৰবিউল হুছেইনক পিছফালৰ পৰা ডেগাৰ আক্ৰমণ কৰে৷ ডেগাৰেৰে আক্ৰমণ কৰাৰ পাছত ৰবিউলৰ লগত থকা নগধ ৩০ হাজাৰ টকা লুটি নিয়াৰ চেষ্টা চলায়৷ ব্যৱসায়ী ৰবিউল হুছেইনে চিঞৰি উঠাত স্থানীয় ৰাইজে আগবাঢ়ি আহি ডকাইত বছিৰ উদ্দিনক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰবিউল হুছেইনক ৰাইজে চিকিৎসাৰ বাবে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ ৰবিউল হুছেইন বৰ্তমান সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে৷ আনহাতে ডকাইতৰূপী বছিৰ উদ্দিনক আজি স্থানীয় ৰাইজে ধৰি বান্ধি সোণতলী আৰক্ষীক গটাই দিয়ে৷ উল্লেখ্য যে, ব্যৱসায়ী ৰবিউলক আক্ৰমণ কৰা বছিৰ উদ্দিন নামৰ যুৱকজন মানসিকভাৱে বিকাগ্ৰস্থ বুলি ৰাইজে জানিবলৈ দিয়ে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…