দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ উত্তৰাঞ্চলৰ নাটোৰে জিলাত অৱস্থিত ৩০০ বছৰ পুৰণি শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰ সোমবাৰৰ পৰা ভাৰতে পুনৰ্নিমাণ আৰম্ভ কৰিছে ৷ এই মন্দিৰৰ পুনৰ্নিমাণ কাৰ্য ভাৰতীয় সাহায্যত ৯৭ লাখ বাংলাদেশী টকাত আৰম্ভ কৰা হৈছে আৰু মন্দিৰটোত মুঠ ১.৩৩ কোটি বাংলাদেশী টকা উচ্চ প্রভাৱ সম্প্রদায় উন্নয়ন প্রকল্প (এইচআইচিডিপি)ৰ অধীনত ভাৰতে সম্পূৰ্ণ কৰাৰ আঁচনি লৈছে ৷ এই পুনৰ্নিমাণ কাৰ্য উদ্বোধন কৰে বাংলাদেশৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী জুনায়েদ আহমেদ পলক, ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাস, সাংসদ ছফিকুল ইছলাম আৰু নাটোৰেৰ মেয়ৰ উমা চৌধুৰী জলীয়ে৷ উদ্বোধনী অনুষ্ঠানত বাংলাদেশৰ এই পুৰণি মন্দিৰটো ভাৰতে পুনৰ্নিমাণ কৰি দিব বুলি উল্লেখ কৰে৷ বাংলাদেশৰ ঐতিহ্য আৰু সংস্কৃতিত ভাৰতে সহযোগিতাৰে কাম কৰিব বুলি জনায়৷ উল্লেখ্য যে নাটোৰেৰ শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰটো হ’ল এটা পৌৰাণিক মন্দিৰ৷ ১৮ শতিকাৰ আৰম্ভণিতে এই মন্দিৰটো নাটোৰেৰ ৰাণী ভবানীৰ দেৱান আৰু দীঘাপতি ৰাজকীয় পৰিয়ালৰ প্ৰতিষ্ঠাতা দয়াৰাম ৰয়ে নিৰ্মাণ কৰিছিল৷ এই মন্দিৰটোৰ চৌহদত ভগৱান শিৱৰ এটা মন্দিৰ আছে ৷ এই মন্দিৰত প্ৰতি বছৰে দুৰ্গা আৰু কালী পূজা আয়োজন কৰে৷ উল্লেখ্য যে সেই দেশখনত ভাৰতে ৰামকৃষ্ণ মন্দিৰ নিৰ্মাণৰ লগতে শ্ৰীশ্ৰী আনন্দময়ী কালী মাতা মন্দিৰৰ বাবেও পুঁজি যোগান ধৰিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামে লাভ কৰিলে বিজেপিৰ টিকট
- কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
- কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ ভয়ংকৰ তথ্য! ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ…
- অভিনেতা চুনু ছুদৰ হোৱাটছএপ একাউণ্ট ব্লক! ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ…
- সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ৫জনকৈ লোকৰ মৃত্যু দক্ষিণ চীনৰ গুয়াংঝৌত…
- এই ৩টা অভ্যাস তৎক্ষণাত এৰি দিয়ক, নহ’লে সলনি কৰক এই ৩টা অভ্যাস…
- ১১-১২ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ চহা শিল্পী চক্ৰপতি দেউৰীলৈ শিল্পী অই আপ্পুন গণেশ পেগু বঁটা…
- অসমৰ কল্যান আৰু উন্নতি বিচৰাসকলে ভাজপা-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ…
- পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰাৰ অপ্ৰাণ চেষ্টা ন-শিল্পী পাৰ্থ প্ৰতীম দাসৰ…